অসমশীৰ্ষ

মাটিয়াত বন্যহস্তীৰ আক্ৰমণত পাচ জন লোকৰ মৃত্যু  

প্ৰথম খবৰ, কন্দৰ্প নাথ,  মাটিয়া :মাটিয়াত বন্যহস্তীৰ আক্ৰমণত পাচঁ গৰাকী লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি আতংকিত হৈ আছে । ইয়াৰ প্ৰতিবাদত বন বিভাগ, আৰক্ষী প্ৰশাসনকে ধৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লো’গান দি স্থানীয় ৰাইজে মাটিয়া থানাৰ সন্মুখত ধৰ্না কাৰ্যসূচী পালন কৰে । শীঘ্ৰেই উক্ত লাডেন নামেৰে জনাজাত বন্যহস্তীটো খেদি পঠিওৱাৰ দাবী উত্থাপন কৰে অঞ্চলটোৰ বিভিন্ন দলংখন সমূহে । জানিব পৰা মতে, কালি পুৱাৰ ভাগত বাকাইটাৰীৰ টিকেন চন্দ্ৰ নাথ (65), সন্ধিয়া পশ্চিম মাটিয়া পাহাৰতলিৰ জাহানাৰা খাতুন (27),  মামুদপুৰৰ মিজানুৰ ইছলাম  (11), সিধাবাৰীৰ মিনতি কলিতা (42) আৰু উপৰ বগুৱানৰ হাহঁচৰাৰ হাছান ভানুৰ  (36) বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় ।

Related Articles

Leave a Reply

Close