অসমশীৰ্ষ

মৈৰাবাৰী মহাবিদ্যালয়ত কোনোদিনেই পাঠদান নকৰা ছাত্ৰৰো মনোনয়ন দাখিল

প্ৰথম খবৰ,মৈৰাবাৰী:মৰিগাও জিলাৰ নৈ কাষৰীয়া অঞ্চল মৈৰাবাৰী মহাবিদ্যালয়ৰ ২০১৯-২০২০ বৰ্ষৰ বাবে অহা ২৬ অক্টোবৰ তাৰিখে অনুষ্টিত হবলগীয়া ছাত্ৰ একাতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত অধ্যয়নৰত একাংশ ছাত্ৰ ছাত্ৰীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২৬ অক্টোবৰ তাৰিখে অনুষ্টিতব্য ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনটোৰ বাবে আজি অন্তিম দিনাখন সাধাৰণ সম্পাদকৰ পদৰ বাবে ইজাজুল হক,হেদায়তুল ইছলাম আৰু খালিদ আহমেদে,সভাপতি পদৰ বাবে ইলিয়াছ আহমেদ,শ্বাহজাহান আলি আৰু মুকছিদুল ইছলামে মনোনয়ন পত্ৰ দাখিল কৰা বুলি জনা গৈছে।কিন্তু আজি বিয়লিৰ ভাগত মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা নন কলেজিয়েট,ডিছ কলেজিয়েট আৰু ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামৰ তালিকা প্ৰকাশ কৰাৰ পিছতে সকলোৰে চকু কপালত উঠিছে। কিয়নো মহাবিদ্যালয়ৰ তৰফৰ পৰা জাননী ফলকত আৰি দিয়া নামফলকত শ্বাহজাহান আলি (ৰোল নং ৫৬)নামৰ ৫ম ষন্মাষিকৰ ছাত্ৰগৰাকীৰ নাম নন কলেজিয়েট বা ডিছ কলেজিয়েট কিম্বা ৰেগুলাৰৰ তালিকাতো নাই।তাৰ বিপৰীতে শ্বাহজাহান আলি নামৰ ছাত্ৰগৰাকীক ওপৰত উল্লেখিত কোনো স্থানতে ৰখা হোৱা নাই।এতিয়া প্ৰশ্ন হয়,নিৰ্বাচনত অৱতীৰ্ন হবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্ধাৰন কৰি দিয়া কোনোধৰনৰ নিয়মেই ঢুকি নোপোৱা শ্বাহজাহান আলিয়ে কোনোদিনেই পাঠদানত অংশগ্ৰহন কৰা নাছিল নেকি ? শ্মবাহজাহান আলিৰ মনোনয়নৰ ক্ষেত্ৰত অহাকালি ছাত্ৰ একতা সভাৰ নিৰ্বাচনটোৰ ৰিটাৰ্নিং বিষয়াৰ দ্বায়িত্বত থকা অধ্যাপকদ্বয় ছফিকুল ইছলাম আৰু মইদুল ইছলামে কি ভূমিকা গ্ৰহন কৰে,তালৈ মহাবিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে দৃষ্টি ৰাখিছে।

Related Articles

Leave a Reply

Close