মহিলাসাহিত্য

মৌচুমী বৰিৰ ধাৰাবাহিক উপন্যাস মনৰ নিজানত

খণ্ড – ৫

: লি,মই ঘৰতে প্লে স্কুল এখন খোলাৰ কথা ভাবিছো৷ইতিমধ্যে মই গুৱাহাটীৰ মূল স্কুলৰ লগত কথা পাতিছোৱেই৷ তুমি তাতে ব্যস্ত হৈ থাকিব পাৰিবা৷ তুমি চাকৰি কৰিব বিচাৰা বুলিছিলা নহয়!! — বিক্ৰমে কাকলিক ক’লে৷

বিক্ৰমৰ কথা শুনি কাকলিৰ আচৰিত হোৱাৰ পাল!! আনন্দমিশ্ৰিত কন্ঠেৰে তাই কৈ উঠিল–

: ঘৰতে প্লে স্কুল!! কেনেকৈ খুলেনো বিক্ৰম? মোক বুজাই দিয়ানা ৷
টিছাৰ কিমান হ’ব, কেনেকৈ লোৱা হ’ব?– কাকলিয়ে উৎকন্ঠাৰে সুধে৷

: লি, লাহে লাহে সকলো গম পাবা৷ প্ৰথমে মোক প্ৰচিডিয়ৰ খিনি কৰি ল’ব দিয়া৷
বিক্ৰমৰ কথা শুনি কাকলি বেছ সুখী হয়৷তাই আনন্দেৰে কয় উঠে–

: ঠিক আছে বাৰু ৷ মোৰ আৰু এটা প্ৰস্তাৱ আছিল বিক্ৰম ৷

: কোৱা

: আগতে খং নকৰো বুলি কোৱা

: নকৰো বাৰু

: মই যে এতিয়াও আণ্ডাৰ গ্ৰেজুৱেট হৈ আছো৷ মোৰ লাজ লাগে বিক্ৰম৷ মই ভাবিছো কৃষ্ণকান্ত সন্দিকৈ অপেন য়ুনিভাৰ্ছিটিত নাম লগাই লওঁ বুলি৷ চাকৰিও কৰা হ’ব ডিগ্ৰীটোও লোৱা হ’ব৷

বিক্ৰমে কাকলিৰ মুখলৈ গহীন হৈ অলপ দেৰি চাই ৰয়৷ কাকলিৰ প্ৰস্তাৱৰ কোনো উত্তৰ নিদিয়াকৈ কৈ উঠে-

:অফিচৰ বেগটো দিয়া

কাকলিয়ে শোৱাকোঠাৰ পৰা অফিচৰ বেগটো লৈ আহি বিক্ৰমক দিয়ে৷

: যাওঁ — এইবুলি কৈ বিক্ৰম ওলাই যায়৷ বিক্ৰমৰ গহীন ভাৱ প্ৰদৰ্শন দেখি কাকলিৰ
অলপ ভয়েই লাগে৷

:কি মানুহ অ এইজন!একো উত্তৰ নিদিলে যে!! — কাকলিয়ে ভাবি ভাবি ঘৰৰ কামত ধৰে৷

ইফালে বিক্ৰমে অফিচত বহি পত্নী লিৰ কথাই ভাবি থাকিল৷

” মই এজনী সুন্দৰী পত্নী বিচাৰিছিলো যি গৰাকী পত্নীৰ মুখখন চাই কৰবাৰ পৰা অহাৰ পিছত মোৰ সকলো দুখ-ভাগৰ আঁতৰি যাব!লিৰ মাজত মই সেইখিনি পাইছোঁ কিন্তু নাজানো, মোৰ সংশয় হয় মোৰ পত্নী মোৰ হাতৰ মুঠিৰ পৰা আঁতৰি গ’লেই যেন আন কাৰোবাৰ হৈ যাব!! তাই ধুনীয়া বাবেই আনে তাইৰ ওপৰত চকু দিব বুলিও মোৰ সংশয় হয়৷ মোৰ সংশয় হয় তাই মোতকৈ বয়সত বহু সৰু, মনৰ চঞ্চলতা সামৰিব নোৱাৰি তাই মোৰ পৰা হেৰাই যাব নেকি!!

বৰ সংশয় হয় লি! তোমাক লৈ মই সঁচায়ে মাজে মাজে সংশয়ত ভুগো৷ তুমি চাকৰি কৰিব বিচৰাটো মই অন্তৰৰ পৰা বিচৰা নাছিলো লি কিন্তু তুমি মোক মৰমেৰে আব্দাৰ কৰিছা৷ না কৰিবলৈও বেয়া পাইছো৷ সেয়ে ঘৰতে প্লে স্কুল এখন খোলাৰ বন্দৱস্ত কৰিছো যাতে তুমি ঘৰত থাকিয়েই চাকৰি কৰিব পাৰা৷ তুমিচোন এতিয়া পঢ়িবও বিচাৰিছা৷ কিন্তু তুমি পঢ়িবলৈ গৈ বিভিন্ন ধৰণৰ বন্ধু-বান্ধৱ লগ পাবা যিখিনি কথাই মোক যে অশান্তি দিয়ে!! ”

কথাবোৰ ভাবি ভাবি বিক্ৰমে অলপ ডিষ্টাৰ্ব অনুভৱ কৰিলে৷ মনৰ ডিষ্টাৰ্বখিনি আঁতৰাবলৈ বিক্ৰমে এটা চিগাৰেট জ্বলালে৷ চিগাৰেটৰ ধোঁৱা উৰুৱাই থাকোঁতেই বন্ধু অমল আহি ওলালহি৷

: কিবা চিন্তাত থকা যেন লাগিছে? –অমলে সুধে
: নাই,কি নো চিন্তা আৰু! অফিচৰ কামবোৰত চিন্তা থাকেই দেখোন অমল৷ — বিক্ৰমে হাঁহি কয় ৷
: সমস্যাবোৰ কাৰোবাক খুলি ক’লে মন পাতল হয় বিক্ৰম৷ কাকলিৰ লগত আকৌ কিবা লাগিছ’ নেকি?
:নাই লগা৷ কিন্তু তাই চাকৰি কৰিব বিচাৰে৷ ডিগ্ৰীটো কমপ্লিট কৰিব বিচাৰে৷
: সেইটো নো কি সমস্যা হ’ল৷ ভালহে তাই চাকৰি কৰিলে !গ্ৰেজুৱেশ্যন ল’লে তোৰ নিজৰে ভাল লাগিব চাবি! তাকে লৈ চিন্তাত পৰিব লগা কি টো হ’ল?

: নাই, নাই চিন্তা কৰা নাই৷ সব ঠিকে আছে৷ — বিক্ৰমে জোৰকৈ মুখত হাঁহি এটা সানি কয় ৷

“নাই, কিছুমান কথা কাৰো লগত শ্বেয়াৰ কৰা নাযায়৷”- বিক্ৰমে ভাবে৷

:ব’ল বাহিৰত চাহ একাপ খাওঁগৈ!
— অমলে কয়
অমললৈ চিগাৰেট এটা আগবঢ়াই বিক্ৰমে প্ৰতি উত্তৰ দিয়ে — “ব’ল” ৷

বিক্ৰম অফিচৰ পৰা অহাৰ পিছত সেইদিনাও কাকলিয়ে বিক্ৰমে ভালপোৱা ধৰণেৰে শাৰী পিন্ধি বিক্ৰমে ভালপোৱা বস্তু ৰান্ধি বিক্ৰমৰ পৰিচৰ্যা কৰে৷ৰাতি শোৱাৰ পৰত কাকলিক বুকুত সোমোৱাই বিক্ৰমে কৈ উঠে–

: তুমি যে আজি দিনত প্ৰস্তাৱটো দিছিলা মোৰো কেইটামান চৰ্ত আছে লি ৷
: কি চৰ্ত বিক্ৰম?

: তুমি ডিগ্ৰীটো কমপ্লিট কৰিলে মোৰো খুউব ভাল লাগিব লি৷ মোৰ চৰ্তটো হৈছে–তুমি ক্লাছ কৰিবলৈ যাব পাৰিবা কিন্তু কাৰো স’তে বন্ধুত্ব কৰিব নোৱাৰিবা ৷ — বিক্ৰমে লাহেকৈ ক’লে৷

বিক্ৰমৰ কথা শুনি কাকলি অলপ দেৰি নিমাতে থাকিল তাৰপিছত ক’লে —

: সেইটো আকৌ কেনেকুৱা কথা! কিয় বিক্ৰম, তুমিওচোন স্কুল-কলেজ-য়ুনিভাৰ্চিটি পঢ়ি আহিলা৷ কাৰো লগত বন্ধুত্ব হোৱা নাছিল নেকি তোমাৰ?

: সেইবোৰ কথা বেলেগ লি৷ এতিয়া তুমি বিবাহিতা,মোৰ পত্নী৷তুমি কাৰোবাৰ স’তে বন্ধুত্ব ৰখাটো মই নিবিচাৰোঁ৷

কাকলিৰ মগজটো যেন উতলি আহিল৷ তথাপি বহুত ধৈৰ্য ধৰি খংটো সামৰিলে তাই ৷ বিক্ৰমৰ বাহুবন্ধনৰ পৰা ওলাই আহি সোনমানুৰ ফালে মুখ কৰে কাকলিয়ে৷

“পত্নী পত্নী বুলি কিমান কৈ নাথাকে৷ জীৱনত অকল তেঁৱেই যেন বিয়া পাতিছে!
কেনেকুৱা আচৰিত মানুহ এইজন!! কাৰো স’তে বন্ধুত্ব কৰিবলৈ মোক বাৰণ কৰিছে! ঘৰতে স্কুলখন খুলি দিব বিচাৰিছে যাতে মই ঘৰৰ সীমাৰ পৰা বাহিৰলৈ যাব নোৱাৰোঁ — মোৰ আৰু বুজি পাবলৈ বাকী আছেনে!!
: লি, কি ভাবিছা? — এইবুলি কৈ বিক্ৰমে পুনৰ লিক নিজৰ কাষলৈ মাতে৷ হঠাতে কাকলিৰ নিজৰ সিদ্ধান্তৰ কথা মনলৈ আহে আৰু নিজৰ খংমুৱা মনটোক তৎক্ষণাতে সলনি কৰি লয় আৰু বিক্ৰমৰ চকুলৈ চায় কয়–

“হ’ব, তোমাৰ চৰ্ত মই মানি লৈছো বিক্ৰম, তুমি ভালপোৱা মানেইটো মোৰো ভালপোৱা মোৰ সোণ !”

ooooooo

অৱশেষত কাকলি ৰাজনন্দিনীয়ে কৃষ্ণকান্ত সন্দিকৈ অপেন য়ুনিভাৰ্ছিটীৰ ডিগ্ৰীত নাম লগালে আৰু তাৰ লগে লগে প্লে স্কুলো চলি থাকিল৷

গোটেই সপ্তাহটো ন বজাৰ পৰা এক বজালৈ প্লে স্কুলত ব্যস্ত থাকে তাই৷ অকণ অকণ ল’ৰা-ছোৱালীৰ মাজত থাকি তাইৰ মনটো ভৰি থাকে৷তেনে মুহূৰ্তত বিক্ৰমৰ প্ৰতি কৃতজ্ঞতা অনুভৱ কৰে তাই৷ স্কুল ছুটিৰ পিছৰ সময়খিনি সোনমানু আৰু বিক্ৰম অহালৈ ব্যস্ত হৈ পৰে৷

তাইৰ ডিগ্ৰীৰ ক্লাছবোৰ দেওবাৰে হয়৷ বিক্ৰমৰ চৰ্ত মানি মুখত গাম্ভীৰ্যতাৰ প্ৰলেপ সানি তাই ক্লাছ কৰিবলৈ যায়৷ কাৰো স’তে বিশেষ দৰকাৰী কথা নহ’লে তাই কথাই নাপাতে৷ কিন্তু এনেকৈ আৰু কিমানদিন? লাহে লাহে উলুপি আৰু পাৰিজাত নামৰ দুজনী ছোৱালীৰ লগত আৰু অনিমেষ নামৰ ল’ৰা এজনৰ লগত তাইৰ বন্ধুত্ব হয় ৷ সিহঁতে তাইৰ লগত ফোনতো কথা পাতিব বিচাৰে কিন্তু তাই এৰাই চলে৷ পিছত লাহে লাহে তাই বিক্ৰমে গম নোপোৱাকৈ ঘৰৰ বাহিৰত বজাৰে সমাৰে গ’লে নতুবা বিক্ৰম অফিচ যোৱাৰ পিছত সিহঁতৰ লগত ক্লাছৰ হ’মৱৰ্ক সংক্ৰান্তত কথা পাতিবলৈ আৰম্ভ কৰিলে৷

এদিন বিক্ৰম অফিচৰ পৰা দেৰিকৈ অহাৰ কথা৷ সেয়ে তাই বিশেষ একো নাভাবি গধূলি অনিমেষলৈ দৰকাৰী কথা এটাত ফোন কৰিলে৷ কিন্তু ফোন কৰি থকাৰ মাজতে বিক্ৰম অফিচৰ পৰা আহি ওলালহি৷ হঠাতে বিক্ৰমক দেখি কাকলিয়ে থতমত খালে ৷ অনিমেষক বিক্ৰম অহাৰ কথা জনাই তাই ফোনটো কাটি দিলে৷

:ফোনটো দিয়া — বিক্ৰমে ক’লে
কাকলিয়ে বিক্ৰমলৈ ফোনটো আগবঢ়াই দিলে৷ বিক্ৰমে কল লিষ্টত চকু ফুৰালে আৰু কাকলিক চকু পকাই ধৰিলে —
“তুমি মই দিয়া চৰ্ত ভংগ কৰিছা!!”
: নহয় বিক্ৰম, ক্লাছৰ হ’মৱৰ্কৰ কথা এটা সুধিব লগা আছিল সেয়ে নোৱাৰাতহে ফোন কৰিছোঁ৷
:টিছাৰলৈও ফোন কৰিব পাৰিলাহেঁতেন!!

বিক্ৰমৰ কথাত কাকলি মনে মনে থাকে৷
বাথৰূমত টাৱেল যোগাৰ দি তাই নীৰৱে পাকঘৰত সোমাই চাহৰ চচটোত পানী দি গেছস্তভত উঠাই দিয়ে৷

বিক্ৰমে টাৱেলখনেৰে মুখ মচি মচি বাথৰূমৰ পৰা ওলাই আহে আৰু কাকলিয়ে শুনাকৈ কৈ থাকে – ” তোমালোক মাইকীমানুহ বিলাক বিশ্বাস কৰিব নোৱাৰি৷ মোক কথা দিছিল কাৰো লগত বন্ধুত্ব নকৰোঁ বুলি! আৰু এতিয়া চৰ্ত ভংগ কৰিছে আৰু কৰবাৰ অনিমেষ এটাৰ লগত লিলিমাই কৰিবলৈ আহে!! ”

বিক্ৰমৰ কথা শুনি কাকলিৰ সহ্যৰ সীমা বাহিৰ হৈ যায়৷ তাই বাচন থোৱা পাত্ৰটোৰ পৰা এটা এটাকৈ বাচন হাতত লৈ মজিয়াত জোৰ জোৰকৈ পেলাবলৈ আৰম্ভ কৰি দিয়ে৷ বাচন পৰা শব্দ শুনি বিক্ৰম পাকঘৰৰ ফালে আহি জুমি চায়৷ হেতাএখন উফৰি আহি বিক্ৰমৰ গাত লাগো লাগো হয় ৷ সিফালৰ পৰা সোনমানুও দৌৰি আহে৷ বিক্ৰমে সোনমানুক কোচত লৈ বাৰাণ্ডা পায়গৈ৷ পকাত জোৰকৈ চিচাৰ গিলাচ ভঙা শব্দ শুনা পায় সোনমানু আৰু বিক্ৰমে৷
(আগলৈ)

খণ্ড — ৬

কাকলিৰ ৰণচণ্ডী মূৰ্তী দেখাৰ পিছৰ পৰা বিক্ৰমে আৰু কাকলিক একো নোকোৱা হ’ল৷ কিন্তু অসম্ভৱধৰণে দুয়োৰে মাজত নীৰৱতা বিৰাজ কৰিলে৷ কাকলি আৰু বিক্ৰমে কবলগীয়া কথাখিনিহে পাতিব ল’লে আৰু নকৰিলে নোহোৱা কামবোৰহে কৰিবলৈ ল’লে৷হাঁহি-ধেমালি, মৰম-চেনেহ এইবোৰ যেন ঘৰখনত নোহোৱা হ’ল৷ তাৰমাজতে কাকলিৰ টিচাৰ ট্ৰেইনিং প্ৰগেম এটা ওলাল গুৱাহাটীত৷ স্কুলৰ আটাইকেইগৰাকী টিচাৰৰ স’তে লগলাগি কাকলি সোনমানু আৰু বিক্ৰমক থৈ গুৱাহাটী পালেগৈ৷

ট্ৰেইনিং শেষ হোৱাৰ দিনাই কাকলিহঁত ৰাতিৰ বাছত ঘৰলৈ বুলি যাবলৈ বাছষ্টেন্ড পালেহি৷ হঠাতে বতৰটো ক’লা মলা কৰি বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে৷ সেই বৰষুণতে তিতি তিতি এজন ল’ৰা বিশেষ ভংগীমাত কাকলিহঁতৰ ফালে আহি থকা দেখা পালে কাকলিয়ে৷ ল’ৰাজন আহি কাকলিহঁতৰ ওচৰ পালেহি৷
: সেই ভন্টী বা — ল’ৰাজনে কাকলিহঁতৰ কলিগ নীৰাৰ ফালে চাই মাতিলে৷
: আৰে তই!! এই বৰষুণত তিতি ক’ৰ পৰা ওলালি৷
: মই ইয়ালৈকে আহিছিলো বিশেষ কাম এটাত৷ হঠাত তোমাক দেখিলো..
: সেইবুলি আৰু এনেকৈ তিতিব লাগে নেকি? – নীৰাই ক’লে৷
: বৰষুণত তিতাৰ মজাই বেলেগ ভন্টী বা! – ল’ৰাজনে কৈ উঠিল৷
নীৰাই কাকলিহঁতক চিনাকি কৰি দিলে —
: এইয়া মোৰ মাহীৰ ল’ৰা – কৌশিক

কৌশিকে তিতাহাতখনেৰেই কাকলিহঁতক কৰমৰ্দন কৰিবলৈ আগবাঢ়ি আহিল৷ কাকলিয়ে পিছে হাতখন আগবঢ়াই দিবলৈ ইত:স্তত কৰিলে আৰু হাতদুখন তুলি নমস্কাৰহে দিলে৷ কৌশিকেও নমস্কাৰ দি কাকলিৰ চকুলৈ চাই মিচিকিয়াই হাঁহিলে৷ বিক্ৰমৰ বাধাবোৰ পাই পাই তাই হাঁহিব পাহৰিছিল৷ সেয়ে তাই কৌশিকৰ হাঁহিৰ প্ৰতি সহাঁৰি নজনাই গহীন হৈ থাকিল৷ কাকলিহঁত ৰাতিৰ বাছত নুঠালৈকে কৌশিক সিহঁতৰ লগে লগে থাকিল৷ আটাইকেইগৰাকীকে সি কফি খোৱালে আৰু ইটো সিটো কথা পাতি ব্যস্ত হৈ পৰিল৷ কাকলিৰ বাদে আটাইয়ে কৌশিকৰ কথাবোৰত হাঁহিলে, সহাঁৰি দিলে৷ কৌশিকেও কথাটো মন কৰি আছিল৷ সেয়ে সি নীৰাক সুধিলে–
: কি হে ভন্টী বা, আজি কাৰোবাৰ মৌন ব্ৰত নেকি?
কথাষাৰ উফৰি আহি কাকলিৰ কাণতো পৰিল৷ তাইৰ মনে মনে খং উঠিল — “মই যেনেকৈ থাকো লাগে তাৰ আকৌ আপত্তি কিয়!! আৰু ইমান চেলবেলিয়া ল’ৰাটো! অহাৰ পৰা কথাই কৈ আছে!!” -কাকলিয়ে ভাবিলে৷ কাকলিয়ে তেনেকৈ ভাবি থাকোতেই কৌশিক আহি তাইৰ কাষ পালেহি৷
: আপোনাৰ নামটো পাহৰি থাকিলো৷ কি আছিল বাৰু? ভন্টী বাই একেলগে সকলোৰে নামবোৰ কৈ দিলে যে! মনতেই নাথাকিল৷ — কৌশিকে কাকলিক ক’লে
: মোৰ নাম কাকলি ৰাজনন্দিনী — কাকলিয়ে গম্ভীৰ মুখেৰে ক’লে
: আপুনি কিবা চিন্তাত আছে? — কৌশিকে সুধিলে
: নাইতো! – কাকলিয়ে আচৰিত হোৱাৰ দৰে ক’লে
: নাই, আপুনি কিবা চিন্তাত আছে৷ ইয়াত সকলোৱে হাঁহি আছে,কথা কৈছে কিন্তু আপুনি হঁহা নাই, কথাও কোৱা নাই৷ — কৌশিকে ক’লে৷
: মই এনেকোৱাই — কাকলিয়ে সামান্য হাঁহি ক’লে৷
: হাঁহিটো কমকৈ ওলাইছে আৰু অলপ জোৰকৈ হাঁহক না!!
কৌশিকৰ কথাত কাকলিয়ে হাঁহি পেলালে৷
: বেয়া নাপাই যদি আপোনাৰ ফোন নম্বৰটো দিব নেকি? – কৌশিকে ক’লে৷ কাকলিৰ এইবাৰ আচৰিত হোৱাৰ পাল৷ এদিনৰ চিনাকীতে ফোন নম্বৰ খুজিলেই!!

: এবাৰ কাৰোবাৰ লগত চিনাকী হোৱাৰ পিছত খবৰ বাতৰি লৈও ভাল পাওঁ৷ বাকী সকলোৰে নম্বৰ ল’লো৷ আপোনাৰ নম্বৰটোহে ল’বলৈ থাকি গৈছে৷

হঠাতে নীৰাই চিঞৰি উঠিল — বাছ আহিল, বাছ আহিল, ব’লক ব’লক সোনকালে চিট লওঁগৈ৷ নীৰাৰ চিঞৰত কাকলি যেন ৰক্ষাহে পৰিল৷ তাই লৰালৰিকৈ নীৰাহঁতৰ পিছে পিছে বাছখনৰ ফালে আগবাঢ়ি গ’ল৷
কাকলিৰ পিছে পিছে আহি থকা কৌশিকে কাকলিক ক’লে — “ফোন নম্বৰ নিদিলে ন!! হ’ব বাৰু, মই ভন্টী বাৰ পৰা লৈ ল’ম৷”

বাছখনে লাহে লাহে গতি ল’লে৷ কৌশিক বোলা ল’ৰাজনে সকলোকে বিদায় দি কাকলিৰ কাণত ফোচফোচাই কৈ থৈ গ’ল — “লগ পাম আপোনাক!”

কৌশিকৰ কথা শুনি চক খালে কাকলি ৰাজনন্দিনীয়ে৷ভাবিলে — ” কেনেকুৱা ল’ৰা ঔ এইজন মোৰ পিছা ল’ব বিচাৰিছে যে!! সাৱধান হ’ব লাগিব৷ ”

বাছৰ চিটত বহি চকু দুটা মুদি দিলে কাকলিয়ে৷ বিক্ৰম আৰু সোনমানুৰ মুখদুখন ভাঁহি উঠিল – যি দুটি আত্মাক কেন্দ্ৰ কৰিয়েই তাইৰ পৃথিৱীখন গঢ়ি উঠিছে৷ হঠাতে বিক্ৰমৰ অভাৱ অনুভৱ কৰিলে তাই ৷ বিক্ৰমৰ মৰমৰ অভাৱ …

oooooooo

গুৱাহাটীৰ পৰা আহিয়েই কাকলি ৰাজনন্দিনী দৈনন্দিন জীৱনৰ লগত ব্যস্ত হৈ পৰিল৷ বিক্ৰমৰ লগত মাত-বোল বন্ধ হোৱা কথাবোৰ ক্ৰমশ কমি আহি আগৰ দৰে সহজ হৈ পৰিল৷

এদিন দুপৰীয়া হঠাত কাকলিৰ ফোনটো বাজি উঠিল৷ কাকলিয়ে ফোনটো ৰিচিভ কৰিলে৷
: হেল্ল’
: বাইদেউ, চাৰৰ আজি গা টো বেয়া আছিল নেকি, হঠাতে অজ্ঞান হৈ পৰি গৈছিল ৷ এতিয়া চকু মেলিছে৷ আপুনি আহি চাৰক লৈ যাওকহি ৷

খবৰটো পায়েই কাকলি হতভম্ব হৈ পৰিল৷ কি কৰিম কি নকৰিম যেন লাগিল৷বুকুখন কিবা এক সংশয়ত ধপধপাবলৈ ধৰিলে৷ কাকলিয়ে লৰালৰিকৈ ভায়েকলৈ ফোন লগালে আৰু সোনমানুক কাষৰ ঘৰত থৈ ভায়েকৰ লগত অফিচ পালেগৈ৷ বিক্ৰমক দেখিয়েই গম পোৱা গৈছিল তেওঁ অসুস্থ বুলি! বিক্ৰমে কাকলিক দেখি শেতা হাঁহি মাৰি ক’লে —
: কিয়নো আহিব লাগিছিল৷ মই ঘৰলৈ যাব পাৰিলোহেঁতেন নহয়!!
: নহয়, আপোনাৰ গা টো বেয়া৷ বলক ডাক্টৰৰ ওচৰলৈ লৈ যাওঁ আপোনাক৷
– এইবুলি কৈ বিক্ৰমক ধৰি মেলি গাড়ীত বহুৱাই ডাক্টৰৰ ওচৰলৈ লৈ যোৱা হ’ল৷ ডাক্টৰে বিক্ৰমৰ ইচি়জি এখন কৰিব দিলে৷ ইচিজি ৰিপৰ্টত বিক্ৰমৰ হাৰ্টৰ প্ৰবলেম ধৰা পৰিল৷ ডাক্টৰে চেন্নাইলৈ গৈ এপ’লত ইলেকট্ৰফিজিয়গ্ৰাফি এখন কৰাবলৈ পৰামৰ্শ দিলে কাকলিহঁতক৷ ডাক্টৰৰ পৰামৰ্শ তথা দৰৱ পাতি লৈ কাকলিহঁত ঘৰ পালেহি৷

:বৰ ভাগৰ লাগিছে লি – বিক্ৰমে ঘৰ পায়েই কাকলিক কৈ উঠিল৷
:তুমি বিচনাতে অলপ শুই দিয়া বিক্ৰম — কাকলিয়ে ক’লে

মুখ হাত ধুই কাপোৰ কানি সলাই কাকলি বিক্ৰম আৰু সোনমানুৰ বাবে ৰাতিৰ সাজ ৰান্ধিলে ৷ তাৰপিছত বিক্ৰমক মুখ হাত ধুৱাই দিলে, কুহুমীয়া গৰম পানীৰে ভৰি কেইটা ধুৱাই দি মিঠাতেল সানি দিলে দুয়োটা ভৰিতে আৰু বিচনাত গাৰু এটা আউজি বহিবলৈ দিলে৷ সোনমানুক ভাতকেইটা খোৱাই উঠি কাকলিয়ে হাতত ভাতৰ থালি লৈ বিক্ৰমক খোৱাই দিবলৈ আহিল৷
: এইবোৰ কি কৰিবলৈ লৈছা লি! মই নিজেই খাব পাৰিম — বিক্ৰমে কৈ উঠিল
: নহয়, আজি তোমাৰ গা টো বহুত বেয়া৷ মই খোৱাই দিওঁ দিয়া৷ কেতিয়াবা কেচুৱাও হ’ব লাগে দিয়াচোন! — কাকলিয়ে হাঁহি ক’লে৷
বিক্ৰমে কাকলিৰ মুখলৈ চাই ৰ’ল৷ সেই মুহূৰ্তত বিক্ৰমৰ কাকলিক নিজৰ মাকৰ দৰে লাগিল৷ বিক্ৰমক ভাতকেইটা খোৱাই কাকলিয়ে ঔষধো খোৱাই দিলে ৷

: তুমি সোনকালে ভাল হৈ উঠিবা – কাকলিয়ে বিক্ৰমলৈ চাই ক’লে৷
: লি, তোমাৰ ভাইটিক কবাচোন চেন্নাইলৈ ফ্লাইটৰ টিকেট কৰিবলৈ৷
: কেতিয়া যাম বুলি ভাবিছা?
:অহা সপ্তাহত৷ আমি আটায়ে যাম৷ লগতে চেন্নাই খনো ফুৰি আহিম৷
: ঠিক আছে বাৰু — কাকলিয়ে ক’লে৷

ৰাতি শোৱাৰ পৰত বিক্ৰমক আৰাম কৰি শুবলৈ দি সোনমানুক সাৱটি কাকলিয়েও শুবলৈ চেষ্টা কৰিলে৷ কিন্তু কিয় জানো বিক্ৰমৰ অসুস্থতাই তাইৰ মনটো গধুৰ কৰি তুলিলে৷ কিব এক নাম নজনা দুখত কাকলিৰ দুচকুৰে পানী বৈ আহিল৷

(আগলৈ)

Related Articles

Leave a Reply

Close