অসমশীৰ্ষ

মৰিগাঁও জিলাৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি 

প্ৰথম খবৰ, মৰিগাঁও : সমগ্ৰ ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাটো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে বিভিন্ন দাবীত দ্বিতীয় পৰ্যায়ৰ কৰ্মবিৰতি পালন কৰে ।পুৱা ১০ বজাৰৰ পৰা জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডত কৰ্মৰত অৱস্থাত থকা ঠিকা ভিত্তিক কৰ্মচাৰী সকলে সকলো কাম-কাজ এৰি কৰ্মবিৰতিত নামি পৰে।উল্লেখযোগ্য যে ৰাজ্য খনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সমূহত কৰ্মৰত প্ৰায় ৯ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলেৰম যোৱা ১ অক্টোবৰৰ পৰা চাৰি দিনীয়াকৈ হোৱা কৰ্মবিৰতি কাৰ্যসূচীৰ ফলত সকলো পঞ্চায়ত পৰ্যায়ৰ কাম কাজ অচল হৈ পৰিছিল । ৰাজ্যখনৰ এই সকল ঠিকা ভিত্তিক কৰ্মচাৰীয়ে পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ২০২ টা উন্নয়ন খণ্ডত ১২ বছৰৰো অধিক সময় কাম কৰি আছে।ৰ্দীঘদিন ধৰি নিম্নতম পাৰিশ্ৰমিকত কৰ্তব্য সম্পাদন কৰা জি আৰ এছ , জিপিচি , এ ই , কম্পিউটাৰ সহায়ক , হিচ‍াপ সহায়কে ধৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীকে চৰকাৰৰ দিবলগীয়া সা- সুবিধা পৰা বঞ্চিত কৰি আহিছে৷যাৰ বাবে বিভিন্ন সময়ত তেওঁলোকৰ  চাকৰি নিয়মীয়াকৰণ , দৰমহা বৃদ্ধি, গ্ৰেড পে আদিৰ পোৱাৰ দাবী জনাই অহাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী, বিত্ত হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ দলেৰ লগতে বিভাগীয় উচ্চপদস্থ বিষয়াৰ লজত বহুবাৰ আলোচনাৰ লগতে নিজৰ প্ৰাপ্য আদায় দিয়াৰ বাবে দাবী সমূহ উত্থাপন কৰি আহিছিল যদিও আজি পৰ্য্যন্ত কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ।যাৰ বাবে পূৰ্বৰ সিদ্ধান্ত আজিৰ পৰা পুনৰ ১১ অক্টোবৰ তাৰিখলৈ ৰাজ্যৰ অন্যান্য জিলা সমূহৰ লগতে মৰিগাঁও জিলা প্ৰতিটো উন্নয়ন খণ্ডৰ লগতে মৰিগাঁও কপিলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰতে উন্নয়ন খণ্ডটোৰ ৪১ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে৷প্ৰতিবাদ কাৰি সকলৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী, বিধায়ক সকললৈ আহ্বান এবা তেওঁলোকৰ মুখলৈ চাওক আৰু নিজৰ সন্তান বুলি গণ্য কৰক৷ আনহাতে এই কৰ্মবিৰতি ফলত পঞ্চায়ত পৰ্যায়ৰ কাম কাজ সম্পূৰ্ণৰূপে বন্ধ হয় পৰে যাৰ পৰিণতিত ৰাইজৰ হাহাঁকাৰ পৰিস্থিতিৰ সন্মুখিন হব লগীয়া হৈছে৷ এই কৰ্মচাৰী সকলে এক প্ৰকাশ হুংকাৰ দি কয় যে ১১ অক্টোবৰৰ ভিতৰত যদি চৰকাৰী পক্ষই দাবী সমূহ মানি নলয় তেন্তে অনিৰ্দিষ্ট কাললৈ এই আন্দোলন অব্যাহত থাকিব৷

Related Articles

Leave a Reply

Close