অসমশীৰ্ষ

মৰিগাঁৱত ড্ৰাগছসহ আটক ৬জন

প্ৰথম খবৰ মৰিগাঁও:– মৰিগাঁও জিলা বৰিবজাৰত আজি মিকিৰভেটা আৰক্ষীয়ে ৬ জনকৈ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকক আটক কৰে। প্ৰাপ্ত তথ্য মতে মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বহুকেইটা এলেকাত একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি অবাধে চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । জিলাখনৰ বৰিবজাৰ আৰক্ষী চকীৰ অঞ্চল সমূহত কৌশলগত ভাৱে ড্ৰাগছৰ ঘাটি কাঠফুলাৰ দৰে গঢ়ি উঠিছে । মিকিৰভেটা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৬ জনকৈ ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত লোকক আটক কৰাৰ লগতে ১০ গ্ৰাম ড্ৰাগছ, নগদ ধন আৰু কিছু নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ যে জিলাখনৰ বহুকেইটা অঞ্চলত একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ লগতে ন ন অঞ্চলত এই মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় কৰাৰ ফন্দি পাতিছে । এই অবাধে চলাই থকা ড্ৰাগছৰ ঘাটিত মিকিৰভেটা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ ব্যৱসায়ী লগত জড়িত অাজগৰ আলি , বাছিৰুদ্দিন আহমেদ , আমিনুল হক , মুকাবিৰ আলি , মুজামিল হক আৰু ইনামুল হকক হাতে লোটে আটক কৰি ধৃত লোক কেইজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আনহাতে ধৃত কেইজনৰ ভিতৰৰে ইনামুল হক ধিং থানাৰ অন্তগত এটা হত্যাৰ গোচৰত অভিযুক্ত হৈ পলাতক অৱস্থাত আছিল বুলি জানিবলৈ পৰা গৈছে।

Related Articles

Leave a Reply

Close