অসমশীৰ্ষ

মৰিগাঁৱত সৰব গৰু সৰবৰাহকাৰী : ২৭ টা গৰু সহ ৯ জন সৰবৰাহকাৰীক আৰক্ষীক গতালে ৰাইজে

প্ৰথম খবৰ, মৰিগাঁও :মৰিগাঁও জিলাৰ দুৱনী ৪ খন গৰু ভৰ্তি বাহন আজি ৰাইজে জব্দ কৰে। স্থানীয় লোকে মৰিগাঁও সদৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ২৭ টা গৰু উদ্ধাৰ কৰাৰ লগতে গৰু সৰবৰাহকাৰীৰ লগত জড়িত ৯ জনক আটক কৰে। প্ৰাপ্ত তথ্য মতে চাৰিখনকৈ সৰু বাহনত থকা মুঠ ২৭টাকৈ গৰু জাগীৰোডৰ পৰা ভূৰাগাঁৱৰলৈ নিয়াৰ অৱস্থাত দুৱনী অঞ্চলৰ ৰাইজৰ সন্দেহ হোৱাত গাড়ী কেইখন জব্দ কৰে। উক্ত গাড়ীত অহা এজন গৰু ব্যৱসায়ী পলায়ন কৰাৰ চেষ্টা কৰোতে ৰাইজে খেদি খেদি উত্তম মাধ্যম সোধায় । উল্লেখ যে গৰু ছিণ্ডিকেটৰ লগত জড়িত থকাৰ সন্দেহ কৰি ৯ জনকৈ লোকৰ লগতে বাহন সহ ২৭ টাকৈ গৰু মৰিগাঁও সদৰ আৰক্ষীক গতাই দিয়ে গাওঁখনৰ ৰাইজে ।বহুদিন ধৰি দুৱনী অঞ্চলত গৰু চুৰি কাৰ্য সংঘটিত হৈ থকাত ৰাইজ অতিষ্ঠ হৈ পৰিছিল যদিও গৰু চোৰক ধৰিব পৰা নাছিল।সেয়ে ৰাইজে আজি গাড়ী সমুহত চুৰি গৰু অহা বুলি সন্দেহ কৰি নিজেই গৰু ভৰ্তি বাহন সমূহ ধৰি মৰিগাঁও আৰক্ষীক চমজাই দিয়ে। ৰাইজৰ মতে অঞ্চলটোৰ মাজেৰে এনেকৈ গৰু সৰবৰাহ হৈ থকাৰ লগতে সৰবৰাহকাৰীয়ে এতিয়া নতুন কৈ ডাঙৰ বাহনৰ পৰিবৰ্তে সৰু সৰু বাহন ব্যৱহাৰ কৰি আৰক্ষী আৰু ৰাইজৰ চকুত নপৰাকৈ গৰু সৰবৰাহকাৰীয়ে নতুন কৌশল ব্যৱহাৰ কৰিছে ৷ এইখিনিতে প্ৰশ্ন হয় এনেকৈ কিমান দিনলৈ ৰাইজে সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে অভিযান কৰিবলৈ সক্ষম হব৷ ইতিমধ্যে মৰিগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰ কমল শইকীয়াৰ নেতৃত্বত গৰু সমূহৰ সৰবৰাহৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷

Related Articles

Leave a Reply

Close