অসমশীৰ্ষ

মৰিগাঁৱত ৰত্নাকৰ ব্যাপক প্ৰচাৰ ৷ অভিনেতা যতীন বৰা,বৰষা ৰাণীৰ বাইক ৰেলী

প্ৰথম খবৰ, মৰিগাঁও:- মৰিগাঁৱত ৰত্নাকৰ ব্যাপক প্ৰচাৰৰ বাবে আজি দীঘলীয়া গাড়ী, বাইক ৰেলীৰে ছাত্ৰ ছাত্ৰী আৰু ৰত্নাকৰ ছবি গৃহলৈ অহাৰ বাবে বাট চাই থকা একাংশ যুৱ প্ৰজন্ম ৰাইজে টিম ৰত্নাকৰক জাগীৰোডৰ পৰা আদৰি আনি প্ৰথমে মৰিগাঁৱৰ ঔজাৰিত ৰাইজ মাজত উপস্থিত হৈ প্ৰচাৰ চালালে৷ প্ৰচাৰ কাৰ্যসূচীত একাংশ মহিলাই বোকোচাত পানী কেচুৱা লৈ প্ৰচাৰ চাবলৈ হিলদল ভাঙি আহা পৰিলক্ষিত হল৷আনহাতে বৰষাৰাণী বিষয়াৰ নিজ গৃহভূমিত ৰত্নাকৰৰ প্ৰচাৰ চলাবলৈ আহি ৰাইজ আৰু যুৱপ্ৰজন্মৰ সহাৰিত আপ্লুত হৈ পৰা বুলি মন্তব্য কৰে ৷বৰষাৰ মতে ছবি এখনৰ বাবে এনেকুৱা বিশাল ৰেলী কৰা ২৫ বছৰীয়া অভিনয় কালত প্ৰথম দেশা দেখিলে৷ পৰিচালক তথা অভিনেতা যতীন বৰাই যুৱপ্ৰজন্মৰ উৎসাহ দেখি নতুনকৈ জন্ম লভাৰ দৰে অনুভৱ হোৱা বুলি মন্তব্য কৰে৷যতীন আৰু বৰষাই একেলগে ৰত্নাকৰৰ গীতত নৃত্য কৰিলে প্ৰচাৰৰ সময়ত ৷ প্ৰচাৰত কণমানি শিল্পী আৰু কণমানি অভিনেত্ৰী দুগৰাকীৰ “এট কথা কোৱা না” গীতটিত আপ্লুত হৈ পৰে উপস্থিত ৰাইজ ছাত্ৰ ছাত্ৰী সকল৷ ইয়াৰ পাছতে মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত উপষ্ঠিত হৈ মহাবিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী মাজত প্ৰচাৰ চলাই ৷ শেষত ৰত্নাকৰৰ সকলো অভিনেতা অভিনেত্ৰী কলা-কৌশলী সকল মৰিগাঁও চহৰৰ মাজেৰে ৰেলীৰে গৈ পছতীয়াতত প্ৰচাৰ সামৰনি মাৰে৷এই প্ৰচাৰৰ পৰা সকলোৰে এটাই আশা ১১ অক্টোবৰত ছবি গৃহলৈ আহিব লগীয়া ছবি ৰত্নাকৰ চাবলৈ সকলো ওলাই আহক৷ অসমীয়া ছবিৰ ভাল দিন আহিছে আৰু আহক ৷জয় হওক অসমীয়া ছবি জগতৰ৷

Related Articles

Leave a Reply

Close