অসমশীৰ্ষ

শক্তিআশ্রম যোগানন্দ গিৰি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি

প্রথম খবৰ , ফকিৰাগ্রাম, কিশোৰ মিশ্রা:   কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকি অন্তর্গত শক্তিআশ্রম যোগানন্দ গিৰি মহাবিদ্যালয়ৰ ২ অক্টোবৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা  ৰূপালী জয়ন্তী সমাৰোহ আজি সামৰণি পৰে। দুপৰিয়া প্রায় ১১ ম্যান বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি বীৰেন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা অনুষ্ঠিত হয় । এই ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰবিৰাম ব্ৰহ্ম।সভাত `বিধায়ক ৰবিৰাম নাৰ্জাৰীযে নিজৰ ভাষণত কয় যে আমাৰ সমাজৰ প্ৰতিজন অভিভাবক অভিভাবিকাই নিজৰ সন্তানক চিকিৎসক, অভিযন্তা কৰিব বিচাৰে। কিন্তু বিদ্যাভাৰতীৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহে দেশ ভক্ত সু নাগৰিক গঢ়াৰ ক্ষেত্ৰত হে গুৰুত্ব দিয়ে। লগতে অঞ্চলটোৰ অভিভাবক সকলে শক্তিআশ্রম যোগানন্দ গিৰি মহাবিদ্যালয়ত পঢ়োৱা বাবে ধন্যবাদ জ্ঞাপন কৰে। উদযাপন সমিতিৰ উপ সভাপতি পৰেশ চন্দ্র ৰায়ই আদৰণী ভাষণ ৰখা আৰু মঙলাসিং হাজোবাৰী ,প্রিয়নাথ তালুকদাৰ ,বি টি সিৰ ই এম ধনেশ্বৰ গয়াৰী ,অখি বড়োকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে ২ অক্টোবৰৰ কাৰ্যসূচী মতে ৮ বজাত শক্তিআশ্রম যোগানন্দ গিৰি মহাবিদ্যালয়ৰ পতাকা উত্তোলন  কৰি অনুষ্ঠানৰ আৰম্ভ কৰে। ইয়াৰ পিছতে ৮.১৫ বজাত শ্বহীদ তৰ্পন ,৮.৪৫ বজাত এলুমনি সমিতিৰ পতাকা উত্তোলন,৯ বজাত স্বামীজী আৰু মহাত্মাজীলে শ্রদ্ধাঞ্জলী আৰু নাম প্ৰসংগ , ৯.৩০ বজাত ছাত্র ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্রা ,১১ বজাত মহাবিদ্যালয়ৰ ন পুৰণি ছাত্র ছাত্রী তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ মিলন আৰু মত বিনিময় অনুষ্ঠান লগতে সম্বর্ধনা সভা আৰু ৩ অক্টোবৰৰ কাৰ্যসূচী মতে বজাৰত শেক্ষিক সভাৰ আয়োজন কৰা হয় উক্ত সভাত মুখ অতিথি হিসাবে উপতিত থাকে ডা বিশ্বজিৎ শর্মা আৰু সন্মানীয় অতিথি হিসাবে ৰবীশংকৰ বৰগযাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close