অসমশীৰ্ষ

সদৌ অসম কবি সন্মিলনৰ নৱনিযুক্ত সহকাৰী সম্পাদক বাবলু প্ৰসাদ বৰুৱা ৰোগাক্ৰান্ত

প্ৰথম খবৰ ৰহা : বুলন চন্দ্ৰ নাথ:২৯ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ তেজপুৰত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বি বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত উচ্চ ৰক্তচাপ জনিত ৰোগ আৰু হৃদৰোগত আক্ৰান্ত হৈ সম্প্ৰতি গুৱাহাটীৰ দিশপুৰ হাস্পতালত চিকিৎসাধীন হৈ থকা সদৌ অসম কবি সন্মিলণৰ নৱনিযুক্ত সহকাৰী সম্পাদক বাবলু প্ৰসাদ বৰুৱাক আৰ্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আবেদন জনাইছে কবি সন্মিলনে।আজি সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া আৰু প্ৰধান সম্পাদক উজ্জ্বল পাওগামে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰি সমাজ সচেতক,কবিগৰাকীৰ সুচিকিৎসাৰ বাবে শীৰ্ঘৈই এটা আৰ্থিক সাহায্য প্ৰদানৰ বাবে অনুৰোধ জনাইছে।উল্লেখযোগ্য যে আৰ্থিক ভাবে যথেষ্ট দুৰ্বল বৰুৱাৰ পৰিয়ালে বন্ধু বান্ধব আৰু সুহৃদয় লোকৰ সহায়ত কিছু চিকিৎসা আৰম্ভ কৰিছে যদিও উন্নত চিকিৎসাৰ বাবে বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন হোৱাত সম্প্ৰতি ধনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

 

Related Articles

Leave a Reply

Close