অসমশীৰ্ষ

সোণাপুৰ থানাত ধৰ্ণা একাংশ মহিলাৰ

প্ৰথম খবৰ,সোণাপুৰ: পোহনীয়া গাহৰী চুবুৰীয়াৰ বাৰীত চৰিব যোৱাক কেন্দ্ৰ কৰি ডিগাৰুৰ ৰীতা মুৰাৰী নামৰ অন্তঃসত্বা বোৱাৰী গৰাকীক প্ৰতিবেশী অঞ্জলী ৰংপী আৰু মাইকেল ৰংপী নামৰ মাতৃ-পুত্ৰ’ই নিৰ্মম ভাবে প্ৰহাৰ কৰিছিল। পিছত আঘাটপ্ৰাপ্ত বোৱাৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে জি এম চি এইছত চিকিৎসাধীন কৰিবলীয়া হৈছিল। এই সন্দৰ্ভত সোণাপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। যোৱা ২৪ অক্টোবৰত সংঘটিত এই অমানৱীয় ঘটনাত জৰিত দোষীক কৰায়ক্ত্ব কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবীত আজি শতাধিক মহিলাই উত্তাল কৰি তুলে সোণাপুৰ থানা চৌহদ। পিছত দোষীক উপযুক্ত শাস্তিৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্হাৰ ডিমৰীয়া শাখা সমিতিৰ কৰ্মকৰ্তা সকলে সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close