অসমশীৰ্ষ

স্পৰ্শ’ আলোচনীৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ,গুৱাহাটী:গুৱাহাটী প্ৰেছ ক্লাৱ’ত ‘স্পৰ্শ সাহিত্য প্ৰকাশন’ পৰা প্ৰকাশিত ‘স্পৰ্শ’ আলোচনীৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগতে বিভিন্ন বিষয়ত বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত ৰসায়নবিদ, গায়িকা কবিতা শৰ্মাৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ পদেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত সুদক্ষ প্ৰশাসক, সাহিত্যিক থানেশ্বৰ মালাকাৰ, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, বিশিষ্ট অভিনেতা,নাট্যকাৰ প্ৰভাত গোস্বামী,দৰং কবি সমাজৰ সভাপতি তথা বিশিষ্ট কবি ডা.কমলা কান্ত শৰ্মা, যুৱ লেখক অৰূপজ্যোতি হাজৰিকা আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহন কৰি মূল্যবান ভাষনেৰে অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। স্পৰ্শৰ আলোচনীখনৰ বৰ্ষপূৰ্তি সংখ্যাটো উন্মোচন কৰে অৰূপজ্যোতি হাজৰিকাই।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে পাৰ্থ প্ৰতিম পাঠকলৈ ‘পৰিৱেশ বন্ধু বঁটা’,ড.গীতালি শইকীয়ালৈ ‘যুৱ সাংবাদিক বঁটা’,ডলী গোস্বামী আৰু নিৰেণ চন্দ্ৰ বৈশ্যলৈ ‘সামাজিক দায়বদ্ধতা বঁটা’,বৰ্ণালী শৰ্মা বৰুৱা, চামচুল বাৰিক, মুকুট চন্দ্ৰ হাজৰিকালৈ ‘স্পৰ্শ সাহিত্য বঁটা’,ড. নিভাৰাণী ফুকনলৈ ‘স্পৰ্শ সাহিত্য বঁটা'(প্ৰবন্ধ শিতানত),কৰিশ্মা বেগম আৰু দাদুল ভূঞালৈ ‘স্পৰ্শ সাহিত্য বঁটা'(নিবন্ধ শিতানত), জয়ন্ত ৰাজবংশীলৈ ‘স্পৰ্শ সাহিত্য বঁটা'(গল্প শিতানত) আৰু শশাংক শেখৰ গোস্বামী আৰু সত্যজিত চাচনীলৈ ‘স্পৰ্শ সাহিত্য বঁটা'( কবিতা শিতানত) আগবঢ়োৱা হয়।এই অনুষ্ঠানতেই সুদক্ষ প্ৰশাসক, সাহিত্যিক থানেশ্বৰ মালাকাৰে গল্পকাৰ, কবি জয়ন্ত ৰাজবংশীৰ গল্পপুথি ‘চামৰাঙৰ আবেলি’ উন্মোচন কৰি উদয়ীমান গল্পকাৰসকলৰ সামাজিক দায়বদ্ধতাৰ বিষয়েও উল্লেখ কৰে। আবৃত্তিকাৰ নৱ কুমাৰ ডেকা আৰু ৰাজ কমল কলিতাই দ্বৈত কন্ঠৰ কবিতা আবৃতিয়েও সকলোকে মোহিত কৰে।অনুষ্ঠানটোৰ আঁত ধৰে প্ৰজন্মা চহৰীয়াই আৰু শলাগৰ শৰাই আগবঢ়াই পুলকেশ ৰায় বৰুৱাই।

Related Articles

Leave a Reply

Close