অসমশীৰ্ষ

২৯৭ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত দূৰ্গোৎসৱৰ আয়োজন

প্ৰথম খবৰ,পাপু বৰুৱা, ঢকুৱাখনা : শাৰদীয় দুৰ্গাপূজাক লৈ যেন এটিয়া ব্যস্ততাৰ অন্ত নাই ঢকুৱাখনাৰ একাংশ পূজা সমিতিৰ লগতে ৰাইজৰ । ঢকুৱাখনাত পূজাক লৈ এটিয়া একাকাৰ হৈ পৰিছে হিন্দু, মুছলিম, জৈন ধৰ্মৰ উদ্ধত থাকি সকলোৱে দুৰ্গাপূজাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে ৷ চহৰ নগৰৰ সমান্তৰালকৈ গ্ৰামাঞ্চল সমূহতো বৃদ্ধি পাইছে এই পূজাৰ উৎসাহ ৷ শাৰদীয় দুগোর্ৎসৱক লৈ সমগ্র ৰাজ্যৰ লগতে ঢকুৱাখনাটো এক উখল-মাখল পৰিৱেশ বিৰা কৰিছে ৷ চৌদিশে এতিয়া অন্তহীন প্রস্তুতি দেখা গৈছে ৷ ঢকুৱাখনা নগৰ মাজতে গাতে লাগি থকা বেংগলী প্ৰতি পূজা, ঠাকুৰবাৰী পূজা আৰু চাৰিকড়ীয়া পূজাই এতিয়া দৰ্শকক চমক সৃষ্টি কৰিবলৈ নিত্য-নতুন কাৰুকার্যৰে মণ্ডপ নির্মাণ কৰিছে উদ্যোক্তা সকলে ৷ আজি মহাষষ্টী দিনটোত পূজাৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা কৰিলে দেৱী দুৰ্গাক ৷ ঢাক-ঢোল, দবা-কাঁহ-শংখধ্বনিৰে মুখৰিত হৈ পৰিছে এতিয়া ঢকুৱাখনাৰ আকাশ বতাহ ৷

ইয়াৰ সমান্তৰালভাৱে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়তো ২০১৯ বৰ্ষৰ ২৯৭ সংখ্যক দূৰ্গোৎসৱ ভাগ পাতিবৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উল্লেখ্য যে ১৭২২ খ্ৰীষ্টাব্দতে স্বৰ্গদেউ গৌৰীনাথ সিংহই শদিয়াৰ কেঁচাইখাতী গোঁসানীৰ থানৰ তাম্ৰেশ্বৰী মন্দিৰৰ একাংশ আৰু ৫ টা বিশেষ সম্প্ৰদায়ৰ পৰিয়াল আনি ঢকুৱাখনাৰ পূৱ প্ৰান্তৰ হাৰ্হি অঞ্চলত প্ৰতিষ্ঠা কৰিছিল এখন শক্তি পীঠ। এইখন ঐতিহাসিক শক্তি পীঠেই হ’ল শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়। এই দেৱালয়তে এইবাৰ ২৯৭ বছৰীয়া পৰম্পৰাৰে দূর্গা পূজা পালনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে ইতিমধ্যে। কথিত আছে যে দক্ষ যজ্ঞত শিৱক যেতিয়া দক্ষই অপমান কৰিছিল তেতিয়া সতী পাৰ্বতী দেৱীয়ে সেই অপমান সহ্য কৰিব নোৱাৰি নিজে দেহ ত্যাগ কৰিছিল আৰু পতি শিৱই নিজ পত্নীৰ মৃতদেহ কান্ধত লৈ গোটেই বিশ্ব পৰিভ্ৰমণ কৰিছিল । সতীৰ মৃতদেহ এনেদৰে লৈ ফুৰোতে শিৱৰ কান্ধতে সতীৰ শৱদেহ গেলি পচি যোৱাত শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা সেই মৃতদেহটো কাটি ছিন্ন-ভিন্ন কৰাত ঢকুৱাখনাৰ পূৱ প্ৰান্তৰ অঞ্চলটোত সতীৰ শৱ দেহৰ হাড় আৰু শিৰ অংশ পৰি গৈছিল ।তেতিয়াৰে পৰা এই অঞ্চলটোৰ নাম- হাড়+শিৰ= হাৰ্হি ৰূপে জনাজাত হ’ল।
প্ৰতিষ্ঠা কালৰে পৰা প্ৰতিবছৰে শাক্ত পন্থাৰে এই হাৰ্হি দেৱালয়ত শাৰদীয় দূৰ্গা পূজা বলি বিধানৰ জৰিয়তে উদযাপন কৰি অহা হৈছে ।ইংৰাজৰ শাসনৰ পূৰ্ৱে এই দেৱালয়ত নৰ বলী প্ৰথাও আছিল বুলি জনা যায়।পিছত এই প্ৰথা বন্ধ হয় ইংৰাজৰ হস্তক্ষেপত ।

উল্লেখ্য যে এইবাৰ হাৰ্হি দেৱালয়ত আজিৰে (৪ অক্টোবৰৰ) পৰা ৮ অক্টোবৰলৈ পৰম্পৰাগত শাক্ত বিধিৰে দেৱীৰ পূজা-অৰ্চনা চলিব। শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ৰ পৰিচালনা সমিতিয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি -বিশেষকৈ দূর্গা পূজাৰ ষষ্ঠীৰ পৰা দশমী লৈকে এই দিনকেইটাত দেৱী মাৰ চৰণত-কুঁহিয়াৰ,জৰা, কোমোৰা,পাৰ,হাঁহ, ছাগলী,আৰু ম’হ বলি দিয়া হয়। অন্যহাতে এইবছৰো শক্তি পীঠ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত দেৱী দুৰ্গাক আৰাধনা কৰিবৰ বাবে অষ্টমীৰ দিনা অন্যান্য বলীৰ লগতে তিনিটাকৈ ম’হৰ বলী দিয়া হ’ব বুলিও দেৱালয় পৰিচালনা সমিতিয়ে অৱগত কৰে। ইফালে পূজাৰ দিনকেইটাত ভক্ত সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিৰণি চ’ৰা,বিশুদ্ধ খোৱা পানী,খাদ্য,আৰু জৰুৰী চিকিৎসা সেৱাৰো সু-ব্যৱস্থা কৰিছে হাৰ্হি দেৱালয়ত।তদুপৰি নিৰাপত্তাজনিত কাৰণত দেৱালয়ৰ চৌহদত চিচি টিভি কেমেৰাও স্থাপন কৰা হৈছে।

Related Articles

Leave a Reply

Close