অসমশীৰ্ষ

৫২ সংখ্যক দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

প্ৰথম খবৰ , দুধনৈ,ভবেশ চন্দ্ৰ ভাগৱতী:৫২ সংখ্যক দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুটা এক উছৱমুখৰ পৰিবেশৰ মাজত আজি স্থাপন কৰা হয়৷ অহা ১২ নবেম্বৰৰ পৰা ২৬ নবেম্বৰলৈ পোন্ধৰ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন হব লগীয়া দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱ উপলক্ষে ইতিমধ্যে ধবান ৰাভাক সভাপতি শ্যামজিৎ ৰাভাক  সম্পাদক আৰু হৰেকৃষ্ণ কলিতাক কাৰ্যকৰী সভাপতি হিচাবে লৈ এখন শক্তিশালী পৰিচালনা কমিটি গঠন কৰা হৈছে৷ ”   আজি ৰাতিপুৱা ৯ বজাৰ লগেলগে ৰাজহুৱা খেল পথাৰ আৰু দুধনৈ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হবলগীয়া ৫২ সংখক ৰাস মহোৎসৱৰ লাইখুটা ব্ৰাহ্মণৰ হৰিধ্বনিৰ মাজত নাৰিকল ভাঙি স্থাপন কৰে ব্যবসায়ী সন্থাৰ সভাপতি ধবান ৰাভাই৷  বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নামনি অসমৰ ভিতৰতে উল্লেখযোগ্য দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱৰ পোন্ধৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ভিতৰত  ভাগৱত শোভাযাত্ৰা, বিখ্যাত পাঠক ৰিজু পাঠকৰ মিউজিকেল ভাগৱত পাঠ, নাম-প্ৰসঙ্গ, যাত্ৰাপাৰ্টি, বহুভাষিক কবিতা সমাৰোহ, বৈদ্যুতিক আলোকসজ্জ্বা, পঞ্চাশৰো অধিক মৃন্ময় প্ৰতিমা, মেলা,মীনাবজাৰে ৰাইজক আকৰ্ষণ কৰিব৷ প্ৰায় ২৫ লাখ টকা বাজেটেৰে উদযাপিত হব লগীয়া ৰাস মহোৎসৱৰ আজি লাইখুটা স্থাপন অনুষ্ঠানত  সমাজ সেৱক চিন্ময় সৰকাৰ ৰাভা, থেকাচু মৌজা সমিতিৰ সভাপতি নন্দলাল ৰাভা, দুধনৈ উন্নয়ন সমিতিৰ সভাপতি বিপিন ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা,  ব্যবসায়ী সন্থাৰ কাৰ্যকৰী সভাপতি ভবেশ চন্দ্ৰ ভাগৱতী, সমাজসেৱক ৰবেন দাস, গোবিন্দ বসুমতাৰী, গোবিন্দ উপাধ্যায়, যতীন খাখলাৰীৰ লগতে বহু  সংখ্যক ৰাইজ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close