অসমশীৰ্ষ

ৰহাত জেষ্ঠ নাগৰিক দিৱস উদযাপন, তিনিগৰাকী জেষ্ঠ নাগৰিকক সম্বৰ্ধনা

প্ৰথম খবৰ ,বুলন চন্দ্ৰ নাথ, ৰহা:বিশ্ব জেষ্ঠ নাগৰিক দিৱসটো অসম জেষ্ঠ নাগৰিক সন্মিলনীৰ ৰহা শাখাই ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আজি উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলন কৰে সভানেত্ৰী মনোৰমা ভূঞাই ,বন্তি প্ৰজ্বলন কৰে উপসভাপতি লোকনাথ দাসে , স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি তথা উপদেষ্টা ৰমনী কুমাৰ ভূঞাই । ৰহাৰ জেষ্ঠ নাগৰিক সকলে মুক্তি যোদ্ধা তুলসীৰাম গগৈ ওমলাবনখনিৰ বিনষ্ট হৈ যোৱা নামফলক খনি পুনৰ সংস্হাপন কৰি বিশিষ্ট নাগৰিক , শিক্ষাবিদ হিৰন্যনাৰায়ণ বৰাই উন্মোচন কৰে । এই অনুষ্ঠানৰ এটি মুখ্য আকৰ্ষণ হ’ল ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা প্ৰমূখ্যে সমূহ শিক্ষক আৰু শিক্ষাৰ্থী সকলে অতি ভক্তিভাৱে জেষ্ঠসকলৰ আশিস বিচাৰা পৰ্বটো । জেষ্ঠ সকলৰ আদৰ্শৰে অনুজ সকলে জেষ্ঠসকলৰ আস্হা আৰু বিশ্বাস দিবৰ বাবে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিয়ালবৰ্গই আশা কৰে । অনুষ্ঠাটোৰ আঁত ধৰে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড. নিৰলা দেৱীয়ে । পুৱা ১১ বজাত অনুষ্ঠিত হয় মুকলি সভা । মনোৰমা ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক ভদ্ৰকান্ত নাথে । সভাত প্ৰাক্তন অধ্যক্ষত্ৰয় ৰমনী ভূঞা , হিৰন্যনাৰায়ণ বৰা ,মনিৰাম নাথ ,লোকনাথ দাস , হৰকিষণ সিং আদিয়ে অংশগ্ৰহণ কৰে । সভাত বিভিন্ন জনে বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে । ৰাজ্যিক সদস্য মনিৰাম নাথে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঠন হোৱা জেষ্ঠ নাগৰিকৰ বিভিন্ন কাৰ্যাৱলী আলোকপাত কৰি যোৱা শিৱসাগৰ অধিবেশৰ প্ৰস্তাৱ আৰু কাৰ্যাৱলীৰ ব্যাখ্যা ডাঙি ধৰে । সভাত চাপৰ মুখৰ মনি মজুমদাৰে কেইবা বছৰ ধৰি চাপৰমুখত জেষ্ঠ নাগৰিক মঞ্চ গঠন কৰাৰ বিষয়টো উল্লেখ কৰি জিলা আৰু ৰাজ্যিকে শাখা হিচাবে স্বীকৃতি দিবলৈ আহ্বান জনাই । সভাতেই হেমপ্ৰভা বৰদলৈ ,কিৰণময়ী বৰা ,আৰু হৰকান্ত বৰাক বিশ্ব জেষ্ঠ নাগৰিক দিৱস উপলক্ষে সম্বৰ্ধনা জনোৱা হয় ।

Related Articles

Leave a Reply

Close