অসমশীৰ্ষ

 ৰহাত নমিনেচন দিবলৈ যোৱা প্ৰহ্লাদ তাছাক আদৰণি জিলা সাহিত্য সভাৰ 

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ ,ৰহা:অসম সাহিত্য সভাৰ আগন্তুক সভাপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন প্ৰধান সম্পাদক পদ্মশ্ৰী প্ৰহ্লাদ তাছাক আজি পুৱা ৰহা চাৰিআলিত নগাঁও জিলা সাহিত্য সভাৰ লগতে কেইবাটাও শাখাই আদৰণি জনাই । সভাপতি পদৰ প্ৰাৰ্থী তাছাক ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যোৱাৰ পথৰ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি নিত্যানন্দ বৰা , ৰহা শাখা সাহিত্য সভাৰ সভাপতি ঘনশ্যাম নাথ , ৰহা শাখাৰ সহ সম্পাদক লক্ষীপ্ৰসাদ ডেকা , ডিমা হাচাও জিলা সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে কেইবাটাও শাখাৰ প্ৰতিনিধিয়ে গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাই । সম্বৰ্ধনা গ্ৰহন কৰি তাছাই সাংবাদিক ক কলৈ ৰাইজৰ আৰ্শীবাদ আৰু ভগৱানৰো আশীবাদ পালে অসমীয়া ভাষা সাহিত্যৰ সেৱা কৰিবলৈ সক্ষম হম বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Close