অসমশীৰ্ষ

 ৰহাত পথ দূৰ্ঘটনা, চিনেমাৰ কায়দাত পথৰ পৰা আতৰত থকা ব্যক্তি আহত

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ,ৰহা: ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাইগড়ত আজি বিয়লি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এখন চুইফট ডিজায়াৰ গাড়ী। নগাৱঁৰ পৰা গুৱাহাটী অভিমুখে তীব্ৰ বেগে আহি থকা (AS 02Y 1715) এ এচ ০২ ৱাই ১৭১৫ নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খুটাত প্ৰচণ্ড খুন্দা মাৰে গাড়ীখনে। গাড়ীৰ খুন্দাত পথৰ কাষৰ খুটা উভালি গৈ পথৰ কাষত থকা চাভিৰ্চ ৰোড পাৰ হৈ আঘাত কৰিলে কাষৰ এখন দোকানত আৰু দোকানৰ বেৰা ভাগি গৈ প্ৰচণ্ড আঘাত কৰিলে অৰূপ নাথ নামৰ দোকানীজনক। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে অৰূপ নাথক। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ খুন্দাত পথৰ কাষৰ পাঁচটাকৈ খুঁটা উভালি চিটিকি যায় আৰু চুচুৰ্মৈ হৈ পৰে চুইফট ডিজায়াৰখন। কিন্তু ভিতৰত থকা চাৰি যাত্ৰী সৌভাগ্যক্ৰমে ৰক্ষা পৰে।

Related Articles

Leave a Reply

Close