অসমশীৰ্ষ

ৰহাত বাঁহৰ সাঁকোৰ পৰা পৰি এজনৰ মৃত্যু

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ, ৰহা: ৰহাৰ পৰা প্ৰায় ১৫ কি.মিটাৰ দক্ষিণে অবস্হিত ডালিমবাৰীত কালি নিশা সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নগাঁও আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱতী ডালিমবাৰি গ্ৰান্টত এখন বাঁহৰ সাঁকোৰ পৰা পৰি এজন লোকৰ কৰুণ মৃত্যু হয়। মৃত লোকজন ডালিমবাৰীৰ ছাইদুল ইছলাম। মংগলবাৰে বিয়লি সংঘটিত হৈছিল এই দুৰ্ঘটনা। ডালিমবাৰী গ্ৰাণ্টৰ বিলৰ ওপৰত থকা বাঁহৰ সাঁকো পাৰ হ’বলৈ যাওঁতেই সাঁকোৰ পৰা পৰি গৈছিল ছাইদুল। কিন্তু দুৰ্ঘটনাৰ পাছত সন্ধান ওলোৱা নাছিল ছাইদুলৰ। (বুধবাৰে )আজি পুৱা বিলৰ পানীত ছাইদুলৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

Related Articles

Leave a Reply

Close