অসমশীৰ্ষ

ৰহাত ষ্টেট বেংকৰ গ্ৰাহকৰ পৰা হেকাৰে লুটিলে লক্ষাধিক সাঁচতীয়া ধন

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ , ৰহা:ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেংকৰ সাঁচতীয়া ধন হেকাৰে লুট-পাট  চলোৱা বহু খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ অহাৰ দৰে এইবাৰ নগাঁও জিলাৰ ৰহাতো বেংক হেকাৰৰ বলি একাধিক ষ্টেট বেংকৰ গ্ৰাহক। ফলত দুঃচিন্তাত ভুগিছে হাজাৰ হাজাৰ গ্ৰাহক। জানিব পৰা মতে এক হেকাৰৰ চক্ৰই অতি কৌশলেৰে একাধিক গ্ৰাহকৰ পৰা লুটিলে লাখ লাখ টকা। ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ আনন্দৰ উলাহৰ  মাজতে প্ৰবঞ্চকৰ বলি হ’ল এইসকল ষ্টেট বেংকৰ গ্ৰাহক। খবৰ মতে, এই হেকাৰৰ বলি হোৱা ষ্টেট বেংক ৰহা শাখাৰ এগৰাকী গ্ৰাহক হৈছে ৰহাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জনৈক দেৱী। প্ৰাপ্ত অভিযোগ মতে, ৰহাৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীৰ একাউণ্টৰ  পৰা দুৰ্বিত্তই তিনি দিনত মুঠ ৯৫ হাজাৰ পাঁচ শ টকা তুলি নিয়ে। জানিব পৰা মতে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকী কিছুদিন পূৰ্বে ৰহা ষ্টেট বেংকৰ গাতে থকা এ টি এমৰ পৰা ধন উঠাইছিল। কিন্তু যোৱা ন  অক্টোবৰত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীয়ে বেংক পাছবুক খন আপদেট কৰিবলৈ গৈ চকু কপালত উঠে। কাৰণ তেঁৱৰ একাউন্টৰ পৰা প্ৰায় ৯৫ হাজাৰ পাঁচশ টকা উঠোৱা দেখা পাই হতভম্ব হৈ পৰে।  ইয়াৰে ৭ অক্টোবৰত তেঁৱৰ একাউন্টৰ পৰা অন্য এটা একাউণ্টলৈ ৪০ হাজাৰ টকা, একে দিনাই এ টি এমৰ পৰা ২০ হাজাৰ টকা তোলাৰ পিচত ৮ আৰু ৯ অক্টোবৰত ক্ৰমে ২০ হাজাৰ আৰু ১৫ হাজাৰ পাঁচ শ টকা কোনোলোকে এ টি এম যোগে উঠাই নিয়ে । বৃহস্পতিবাৰে সুশীলা দেৱী বেংকলৈ অহাৰ পিচতহে সকলো কথা পোহৰলৈ আহে। পিচত সুশীলা দেৱীয়ে লগে লগে এই সম্পৰ্কত শাখা প্ৰৱন্ধকক অৱগত কৰাত শাখা প্ৰৱন্ধক গৰাকীয়ে  ৰহা আৰক্ষী থানাত এজাহাৰ দিবলৈ আহ্বান জনাই । সেই মৰ্মে অৱসৰ প্ৰাপ্ত  শিক্ষয়িত্ৰী গৰাকীয়েও লগে লগে  এজাহাৰ দাখিল কৰে। কিন্তু কেনেকৈ ব্যক্তিগত একাউন্টৰ পৰা কষ্টোপাৰ্জিত সাঁচতীয়া ধন এনেদৰে হেৰাই গ’ল সেই বিষয়ে স্পষ্টকৈ প্ৰকাশ নকৰিলেও একাউন্টৰ গ্ৰাহকে এ টি এমৰ পৰা ধন উলিউৱা সময়ত কোনো দুষ্ট প্ৰকৃতিৰ লোকে অতি কৌশলেৰে এ টি এমৰ গোপন নম্বৰ সংগ্ৰহ কৰি এনেদৰে হেক কৰি ধন লুট কৰিছে বুলি সন্দেহ কৰিছে । তদুপৰি শাখা প্ৰৱন্ধক গৰাকীয়ে এই বিষয়টো আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য প্ৰকাশ পাব বুলি প্ৰকাশ কৰা লগতে আৰু যদি গ্ৰাহক গৰাকীৰ কোনো ভুল নোহোৱাকৈ একাউন্টৰ পৰা যদি ধন হেৰাইছে তেন্তে বেংক কৰ্তৃপক্ষই নিয়মানুসৰি ঘূৰাই দিয়া ব্যৱস্থা আছে বুলিও কয়। কিন্তু যিয়ে নহওঁক , ব্যক্তিগত একাউন্টৰ পৰা এনেদৰে ধন হেৰাই যোৱা ঘটনাত শংকিত হৈ  মূৰে কঁপালে হাত দিছে ভুক্তভোগীসকলে। শেহতীয়াকৈ জানিব পৰা মতে উক্ত এ টি এমৰ পৰাই অন্য এজন গ্ৰাহকৰ একাউন্টৰ পৰা প্ৰায়ও প্ৰায় ডেৰ লক্ষাধিক ধন কোনো দুষ্ট লোকে অতি কৌশলেৰে সৰকাই নিয়া বুলিও জানিব পৰা গৈছে। ফলত আৰক্ষীৰ কাষ চাপিছে অন্যগৰাকী ভুক্তভোগী গ্ৰাহকো। অন্যহাতে এ টি এমৰ পৰা এনেদৰে ধন হৰলুকি হোৱাৰ সন্দৰ্ভত স্থানীয় একাংশ লোকৰ ভাষ্য অনুসৰি আজি কিছু দিনৰ পৰা প্ৰায় চাৰি-পাঁচ জনীয়া এক অচিনাকী যুৱকৰ দলে ৰহা ষ্টেট বেংক এ টি এমৰ সন্মূখত ৰৈ থকা বুলিও জানিব দিছে। আনকি এটিএমৰ পৰা  ধন উলিয়াবলৈ যোৱাৰ সময়ত এই অচিনাক্ত যুৱকৰ দলৰ কোনো সদস্যই এ টি এম ব্যৱহাৰ কৰিব নজনা কিছু লোকক  লক্ষ্য কৰি সহায় কৰা চলেৰে অথবা কাষত থিয় হৈ গোপন নম্বৰ সমূহ সংগ্ৰহ কৰি কৌশলেৰে জমা ধন লুট পাতৰ বৃহত নেটৱৰ্ক চলাইছে বুলি সন্দেহ প্ৰকাশ কৰিছে। কিন্তু শেহতীয়াকৈ ব্যক্তিগত একাউন্টৰ পৰা জমাধন হৰলুকি হোৱা বিষয়ত বেংক কৰ্তৃপক্ষই কি ভূমিকা ল’ব সেয়া  লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Close