অসমশীৰ্ষ

ৰহা বামুনীজানত কপিলী নদীত সন্ধানহীন যুৱক

প্ৰথম, খবৰ, বুলন চন্দ্ৰ নাথ , ৰহা:ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বামুণীজানত আজি পুৱা কপিলী নদীত পৰি এজন যুৱক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় এক সূত্ৰৰ পৰা জানিব পৰা মতে নদীৰ পাৰত উদ্ধাৰ হৈছে পৰিচয়হীন যুৱকজনৰ এযোৰ চেণ্ডেল । স্থানীয় এক সূত্ৰই জানিব দিয়া অনুসৰি  বামুণীজানৰ কপিলী নদীৰ পাৰঘাটৰ সমীপতে সংঘটিত হয় এই ঘটনাটো।   প্ৰত্যক্ষদৰ্শীৰ মতে  নাৱেৰে পাৰ হ’বলৈ যোৱা কোনো যাত্ৰীয়ে যুৱকজনক ডুবি যোৱা দেখি চিঞৰ বাখৰ কৰাত আৰু একাংশ লোকে দৌৰি ঘটনাস্থলীলৈ যায় যদিও যুৱকজন ইতিমধ্যে পানীত ডুব যায়। কিন্তু কপিলী নদীৰ জলপৃষ্ঠ বেছি হোৱাৰ বাবে অতি কম সময়তে পানীত ডুব যোৱা দেখি স্থানীয় লোকে ৰহা আৰক্ষী আৰুএচ ডি আৰ এফ (SDRF) বাহিনীক খবৰ দিয়াত কিছু সময়ৰ পাছত ঘটনাস্থলীত উপস্থিত হয় ৰহা এচ ডি আৰ এফ বাহিনী। তেঁওলোকে বহু সময় ধৰি   কপিলী নদীত অভিযান চলাই যদিও যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল। কিন্তু ঘটনাটো প্ৰকৃততে দুৰ্ঘটনা নে আত্মহত্যা সেই বিষয়ে বৰ্তমান সময়লৈকে  জানিব পৰা হোৱা নাই। কিন্তু এই ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অন্যহাতে ৰহাৰ পূৱ দীঘলদৰি ৰ এজন যুৱক আজি পুৱাৰ পৰা সন্ধানহীন হৈ থকা থকা আৰু সদায় ই ৰিক্সা চলাই থকা যুৱক জনৰ মবাইল ফোনৰ চুইচ অফ কৰি থকাৰ লগতে কপিলীৰ পাৰত যুৱক জনৰ চেন্দেল জোৰ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close