অসমশীৰ্ষ

অপৰাধীৰ ঠিকনা বিচাৰি বগৰিবাৰী আৰক্ষী বিভ্ৰান্তত

প্ৰথম-খবৰ,বগৰিবাৰী:কিছুদিন পূৰ্বে বগৰিবাৰী থানাৰ অন্তৰ্গত খোৰাঘাট, ফালাকাটা, আৰু জালাবিলা মন্দিৰৰ প্ৰতিমা অচিনাক্ত যুৱক এজনে চুৰি কৰি লৈ ৰাস্তাত পেলাই দিয়ে ।এই ঘটনাক কেন্দ্ৰকৰি অঞ্চলটোত সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা দেখা দিয়াৰ পূৰ্বেই আৰক্ষীয়ে যুৱক জনক আটক কৰে । আৰু কোকৰাঝাৰ জেলহাজোতলৈ প্ৰেৰণ কৰে যদিও মূখেৰে মাত-বোল দিব নোৱাৰা যুৱক জনৰ প্ৰকৃত ঠিকনা আৰক্ষীয়ে অদ্যপি উদঘাটন কৰিব নোৱাৰাত বিপাঙত পৰাযেন পৰিলক্ষিত হৈছে । দেখাত এক প্ৰকাৰ মনসিক বিকাৰ গ্ৰস্তৰ দৰে আচৰণ কৰা যুৱক জনৰ পিছত কোনো দুষ্ট চক্ৰৰ হাত থকা বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । মুছলিম সম্প্ৰদায়ৰ যুৱক জনক কোনোবাই চিনি পালে তেখেতৰ পৰিয়ালৰ ঠিকনা বগৰিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক 9435121404 মোবাইল নম্বৰ যোগে অৱগত কৰাৰ বাবে অনুৰোধ জনায় ।

Related Articles

Leave a Reply

Close