অসম

আমিনগাঁৱৰ সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত সাংস্কৃতিক উৎসৱ

পঙ্কজ নাথ, চাংসাৰি, ৯ নৱেম্বৰ :

কামৰূপ জিলাৰ আমিনগাঁৱস্হিত সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয় অসমৰ ভিতৰতে এখন আগশাৰীৰ বিদ্যালয় । বেচৰকাৰী খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনে বিগত বছৰবোৰত শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট সুখ্যাতি অৰ্জন কৰিছে। আজি দিনৰ ১১ বজাৰ পৰা বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত “ছিম্ফনি ১৯” সাংস্কৃতিক উৎসৱৰ পোন প্ৰথমবাৰৰ বাবে আয়োজিত কৰে বিদ্যালয় খনে । বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ শুভ উদ্বোধন কৰি কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ছাত্ৰ ছাত্ৰীসকলে সুপ্ত প্ৰতিভা বিকাশত ছিম্ফনি দৰে অনুষ্ঠানে বিশেষ অৰিহণা যোগাব বুলি কয়। ইয়াৰ পিছতে শিক্ষাৰ্থীসকলৰ গীত মাতত জীপাল হল সৰলা বিৰলা জ্ঞানজ্যোতি । কি ধ্ৰুপদী সংগীত ,কি ঠলুৱা লোক কৃষ্টি, মুঠতে প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ সংগীত মধুৰ সংগম দেখিবলৈ পোৱা যায় আমিনগাঁওৰ সৰলা বিৰলাত । আভিজাত বিদ্যালয়খনৰ অধ্যক্ষ ড০ দিগন্ত হালদাৰে সাংবাদিকৰে হোৱা মতবিনিময়ত জানিবলৈ দিয়ে যে ছিম্ফনি এক সুৰৰ সমাহাৰ যাৰ লক্ষ্য ছাত্ৰ ছাত্ৰীৰ মাজত থকা প্ৰতিভাক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাটো। প্ৰায় দুই ঘন্টা জুৰি চলা সংগীত মুৰ্চনাই সকলোকে মোহাচ্ছন্ন কৰি ৰাখে। উল্লেখ্য যে সাংস্কৃতিক উৎসৱ ছিম্ফনিৰ আৰম্ভণিতে ৰাজ্যৰ প্ৰবীণ শিল্পী সাংবাদিক বুদ্ধিজীৱিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Articles

Leave a Reply

Close