অসমশীৰ্ষ

উত্তৰ গুৱাহাটীত অসম মাধ্যমিক শিক্ষা পৰিষদৰ শৈক্ষিক বিষয়াৰ ইংৰাজী বিষয়ত পাঠদানৰে বিশেষ পাঠদান

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ এখন অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত আজি অসম মাধ্যমিক শিক্ষা পৰিষদৰ শৈক্ষিক বিষয়াই পাঠদান কৰে । বেচৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনে বিগত বছৰবোৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা লাভ কৰি সুখ্যাতি অৰ্জন কৰিছে। শিক্ষাক সেৱা মনোবৃত্তিৰে লৈ নিকেতনখনৰ আচাৰ্য আচাৰ্যা সকলে নিৰন্তৰ মানৱ সম্পদ গঢ়াত ব্ৰতী হৈছে। আজি বৃহস্পতিবাৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মানস দাস আৰু সম্পাদক মুকুটেশ্বৰ গোস্বামীৰ উপস্থিতত অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA) আৰু শংকৰদেৱ শিশু নিকেতন, বিষ্ণুপথৰ বিজ্ঞান আৰু সংস্কৃত বিষয়ৰ জ্যেষ্ঠ আচাৰ্য‌ই একোটাকৈ কালাংশ লয় ।অনুষ্ঠানৰ শুভাৰম্ভ কৰে SEBA ৰ শৈক্ষিক বিষয়া হৰিনাৰায়ণ দাসে । তেখেতে ইংৰাজী বিষয়টো সহজতে আয়ত্ব কৰাৰ কৌশল আৰু দক্ষতাৰ বিষয়ে ৰাতিপুৱা ১০.০০ বজাৰ পৰা ১২.০০ বজালৈ দুঘণ্টা ধৰি বাৰ্তালাপ কৰে ।ইয়াৰ লগতে গুৱাহাটী বিষ্ণুপথ নিকেতনৰ দীনেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে সংস্কৃত আৰু ধনজিৎ ভৰালী আচাৰ্য‌ই গণিত বিষয়ত একোটাকৈ শ্ৰেণীত পাঠদান কৰে । লগতে প্ৰধান আচাৰ্য উৎপল তালুকদাৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্র-ছাত্ৰী সকলক আমন্ত্ৰিত আচাৰ্যসকলে সুন্দৰ ভাৱে পাঠদান কৰি যথেষ্ট আগুৱাই দিব বুলি আশা প্ৰকাশ কৰে । বিশেষ পাঠদানৰ বিষয়ে নিকেতনৰ উপপ্ৰধান আচাৰ্যই ৰূপৰেখা দাঙি ধৰাৰ লগতে কয় যে প্ৰতিদিনে একো একোজন এনে পাৰদৰ্শী ব্যক্তিক নিকেতনলৈ আনি ছাত্র- ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে উপযুক্ত কৰি তোলাত চেষ্টা কৰি যাব বুলি জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close