অসমশীৰ্ষ

কামৰূপৰ বিহদিয়াত ৰাস মহোৎসৱত মুকলি জুৱাৰ বেহা

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:কামৰূপ জিলাৰ অন্তৰ্গত বিহদিয়াত প্ৰায় ত্ৰিশ লাখ টকা বাজেটেৰে এখন প্লাষ্টিক মুক্ত ৰাস উদযাপিত হৈ আছে ।বৃহত্তৰ উত্তৰ- পূব কামৰূপ অঞ্চলক লৈ চেচা নৈৰ বাকৰিত বাৰ দিনীয়া কাৰ্য্যসুচীৰে চলিছে এই ৰাস মহোৎসৱ।ইয়াৰে প্ৰত্যেকদিনাই থাকিব ভিন্ন সাংস্কৃতিক অনুষ্ঠান। আনহাতে,জীৱন্ত ডাইনছৰে গড় ভক্ষণ কৰা আৰু উৰন্ত চন্দ্ৰযান হব বিহদিয়া ৰাসৰ অন্যতম আকৰ্ষণ। কেইবা লক্ষাধিক দৰ্শনাৰ্থীৰ সমাবেশ ঘটিব লগীয়া ৰাসস্হলীত কৃষ্ণৰ ৰাস লীলা দৰ্শনৰ লগতে এতিয়া চলিছে লাখ-লাখ টকাৰ অবৈধ জুৱাৰ বেহা। যাৰ পৰিপেক্ষিতত অঞ্চল টোৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কিছুদিন পূৰ্বে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যক বিহদিয়াকে ধৰি জিলাখনৰ কেইবাখনো ৰাসত অবৈধ জুৱাৰ বেহা চলাৰ এক পূৰ্বাভাসৰ অভিযোগ স্মাৰক পত্ৰযোগেও দিছিল বুলি জানিব পৰা গৈছে । কামৰূপ প্ৰশাসক পূৰ্বাভাষ দিছিল যদিও এই ৰাস মহোৎসৱত জুৱাখেল চলি থকাৰ পিছতো এতিয়ালৈকে কিন্তু জিলা প্ৰশাসনৰ কোনোধৰণৰ গা লৰা নাই । সেয়ে জিলা ও আৰক্ষী প্ৰশাসনৰ একাংশৰ লগতে ৰঙিয়া আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাক অবৈধ জুৱাৰ বেহাৰ বিনিময়ত দৈনিক হিচাপত বৃহৎ অংকৰে মেনেজ কৰিছে বুলি অঞ্চলটোৰ একাংশ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সেয়েহে উক্ত বিষয়টোক গুৰুত্ব প্ৰদান কৰি বিহদিয়াৰ ৰাসৰ লগতে কামৰূপ জিলাৰ কেইবাটাও স্হানত চলি থকা কিছু ৰাস মহোৎসৱৰ পৰা জুৱা নিৰ্মূল কৰিবলৈ কামৰূপ জিলাৰ উপায়ুক্ত ও আৰক্ষী অধীক্ষকক দাবী জনাইছে। এতিয়া এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰশাসনে জুৱাখেল চলি থকা ৰাস মহোৎসৱ সমূহৰ পৰা জুৱা নিৰ্মূল কৰিব নে ৰাইজে প্ৰশাসনৰ ওপৰত তোলা অভিযোগ সত্য প্ৰমাণিত কৰিব সেয়াহে লক্ষণীয় হব।

Related Articles

Leave a Reply

Close