অসমশীৰ্ষ

কেবক লৈ PM, CMৰ প্ৰতিকৃতি দাহ

নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহেৰে কেবৰ বিৰোধিতা গুৱাহাটীত

গুৱাহাটী, ১৮ নৱেম্বৰ : বিজেপি অসমীয়া বিৰোধী কুচক্ৰান্তত মচগুল, অসমত বহিৰাগতৰ সন্ত্ৰাসত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটত পৰিছে, কলা আইনৰ নমুনা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে বাংলাদেশীৰ দালালসকলে অসম তথা উত্তৰ পূৱবাসীৰ ভাবুকি সৃষ্টি কৰিছে বুলি তীব্ৰ উদিগ্নতা প্ৰকাশ কৰিছে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেন্টছ এচচিয়েশ্যন আচাম (আইটছা)ৰ উপদেষ্টা তথা নেফিপৰ মেডিয়া সদস্য সচিব অৰিন্দম প্ৰিন্স পাংগিঙে। আজি গুৱাহাটীৰ সোণাপুৰস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ তথা বিজেপিৰ তথাকথিত নেতাসকলৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত অংশ লৈ আইটছাৰ উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে আৰু কয় যে বিজেপি মিত্ৰজোঁট চৰকাৰে অসমবাসীক বিশ্বাসঘাটকতাত ক্ষান্ত নাথাকি অবৈধ বাংলাদেশী, নেপালীক ভোটবেংকৰ স্বাৰ্থত এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াক নষ্ট কৰিবলৈকে কেব২০১৬ বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে কিন্তু আমি ট্ৰাইবেল বেল্ট ব্লকত এই কলা আইন মানি লোৱা নহ’ব। ভাৰত চৰকাৰে ১৯৪৭ চনৰ পৰা আজিলৈকে ৰিফিউজি চেটলমেন্ট পলিচি নোলোৱাকৈ অসমত অবৈধ বিদেশীৰ আগ্ৰাসনৰ মুক্ত পাৰপত্ৰ দিয়াৰ নিমিত্তে কেব২০১৬ জাপি দি ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰিছে যে, অতীতত এজন জনজাতি ভূমিপুত্ৰ জননেতা ভীমবৰ দেউৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চল ৰক্ষা কৰিলে, আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী, এজন জনজাতি ভূমিপুত্ৰ তথাকথিত জাতীয় নায়কে অসম তথা উত্তৰ পূৰ্বাঞ্চল ধ্বংস কৰিবলৈ মনব্ৰত কৰিছে বুলিও আইটছাৰ উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পুত্তালিকা দাহ কালত নেফিপৰ উপসভাপতি তথা আচাম লীগ অৱ এবৰিজিনচ ৰাইট মুৱমেন্ট (এলাৰ্ম)ৰ সমন্বয়ক বিক্ৰম হান্সেই মত প্ৰকাশ কৰে যে, জাতিধ্বংসী বিধেয়ক কেব২০১৬ আমি কোনো পধ্যে মানি নলওঁ, সময় থাকোতেই এই কলা বিধেয়ক কেব২০১৬ বাতিল কৰক, লগতে যদিহে এই আইন অসমত প্ৰৱৰ্তন কৰে আমি জনজাতিসকলে পৃথক ৰাজ্য বডোলেণ্ড, কাৰ্বিলেণ্ড, মিচিংলেণ্ড ইত্যাদি তীব্ৰতৰ দাবীৰ প্ৰতি আগবাঢ়িবলৈ বাধ্য হম, যিহেতু অসমত থাকিলে আমাৰ খিলঞ্জীয়াৰ সকলো দিশে শেষ হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰতিকৃতি দাহ কাৰ্যক্ৰমত আমৰি কাৰ্বি ষ্টুডেন্টছ ইউনিয়নৰ সভাপতি কুমুদ তিমুং, আইটছাৰ আইন উপদেষ্টা ৰাজু দেউৰী, আমৰি কাৰ্বি ৰ উপদেষ্টা চেমিয়ন দুৰুং, আইটছাৰ সাধাৰণ সম্পাদক দ্বীপেন দেউৰী ইত্যাদিয়ে উপস্থিত থাকি বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, বাংলাদেশীৰ দালাল হুচিয়াৰ! সৰ্বানন্দ সোণোৱাল কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পাওক, হিমন্ত বিশ্ব শৰ্মা অসমীয়া শত্ৰু, অমিত শ্বাহ মুৰ্দাবাদ ধ্বনিৰে সোণাপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আকাশ বতাহ কঁপাই তোলা দেখা গ’ল।

Related Articles

Leave a Reply

Close