অসমশীৰ্ষ

গুৱাহাটী প্ৰেছ ক্লাবত ‘চামেলি মেমসাহেব’ প্ৰদৰ্শনৰ আয়োজন

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:ড° ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান শিল্পীজনক শ্ৰদ্ধা জনাই অহা ১৬ নবেম্বৰ শণিবাৰে আবেলি ৫ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ‘চামেলি মেমসাহেব’ প্ৰদৰ্শন কৰা হব। উল্লেখযোগ্য যে ১৯৭৯ চনত ইন্দ্ৰ সেনৰ পৰিচালনাত মুক্তিলাভ কৰা বাংলা ছবিখনৰ সংগীত পৰিচালনা কৰিছে প্ৰয়াত ডঃ ভূপেন হাজৰিকাই । ছবিখনত অভিনয় কৰিছে জৰ্জ বেকাৰ , ৰাখি গুলজাৰ, অনিল চেৰ্তাজী, গীতা দে, আভা ধুলিয়া ,তৰুণ কুমাৰ, চিন্ময় ৰয়কে ধৰি আনবহুজনে । ছবিখনত কণ্ঠদান কৰিছে ভূপেন হাজৰিকা, হেমন্ত কুমাৰ, উষা মংগেস্কাৰ, আৰতি মুখাৰ্জীয়ে ।

Related Articles

Leave a Reply

Close