অসমশীৰ্ষ

টংলা-ভেৰগাঁও পথত বখলা-বখলে উখহিছে পিট্‌চ, নিৰ্মাণত অনিয়মৰ অভিযোগত আছুৰ তীব্ৰ প্ৰতিবাদ

প্ৰথম খৱৰ, টংলা:ওদালগুৰি জিলাৰ মূল ব্যৱসায়িক আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ টংলা নগৰ আৰু ভেৰগাঁও সংযোগী গড়কাপ্তানি পথটোৰ পকীকৰণৰ পিছতে বখলা-বখলে পিট্‌চ উখহি এৰি যোৱাৰ পিছতে আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাই পথটোৰ পকীকৰণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগত আৰু পথটোৰ বিধিগতভাৱে পুনৰ নিৰ্মাণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ওদালগুৰি জিলা সদৰ সংযোগী ভেৰগাঁও মহকুমাৰ মূল সংযোগী টংলা-ভেৰগাঁও গড়কাপ্তানি পথটোৰ টংলা তিনিআলিৰ পৰা টংলা গাঁও পৰ্যন্ত পথচোৱা পকীকৰণৰ বাবে এছঅপিডি আঁচনিৰ অধীনত উমেশ বেৰীয়া নামৰ ঠিকাদাৰজনে কামৰ নিবিদা লাভ কৰে ৷ সেইমৰ্মে ঠিকাদাৰজনে পথচোৱাৰ কাম অতি বেপেৰুৱাভাৱে নিজ খেয়ালখুচিমতে আৰম্ভ কৰে যদিও গড়কাপ্তানি বিভাগৰ প্ৰাক্‌কলন অনুসৰি পকীকৰণৰ কাম নকৰি লোকচক্ষুৰ আঁৰত নিশাৰ আন্ধাৰত অতি নিম্নমানৰ সামগ্ৰীৰে পকীকৰণৰ কাম চলাই থকাৰ মাজতে কালি নিশা পথৰ ধূলি-বালিৰ ওপৰতে কাৰ্পেটৰ বিটুমিন মিহলি পিট্‌চৰ তৰফ দি যোৱাৰ পিছতে আজি পুৱা পথৰ পিট্‌চৰ তৰপ নিজেই উখহি পৰা আৰু সাধাৰণ গাড়ী এখন গ’লেও গাড়ীৰ চকাত পিট্‌চৰ তৰপ এৰি যোৱাত স্থানীয় ৰাইজৰ লগতে টংলা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী ছাত্ৰকৰ্মীসকলে পথচোৱাত উপস্থিত হৈ বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি দুৰ্নীতিত লিপ্ত অনুমোদিত ঠিকাদাৰ উমেশ বেৰিয়া আৰু গড়কাপ্তানি বিভাগৰ দ্বায়িত্ববাহী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ পিছত প্ৰতিবাদস্থলীত ভেৰগাঁও মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্ম, হৰিশিঙা ৰাজহ চক্ৰৰ ৰাজহ বিষয়া কাৰ্তিক কাথাৰসহ টংলা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী সামৰণি পৰে ৷

Related Articles

Leave a Reply

Close