অসমশীৰ্ষ

ডিমাকুছিৰ টাংকীবস্তীত বন্যহস্তীৰ আক্ৰমণত এজন নিহত

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গতঅসম ভুটান সীমান্তৰ টাংকীবস্তীত কিছু সময় আগতে হাতীৰ আক্ৰমণত নিহত এজন। বাদলাপাৰা চাহ বাগিচা আৰু টাংকীবস্তীৰ মাজত পথৰ দাঁতিত ঘৰলৈ গৈ থকা অৱস্থাত বন্যহস্তীয়ে নিহত কৰে ।  বৰ্তমানলৈকে নিহত লোকজন চিনাক্ত হোৱা নাই । হাতী মানুহৰ সংঘাতে তীব্ৰ ভয়াবহ ৰূপ লৈছে ওদাগুৰিৰ জিলাৰ ভাৰত – ভূটান সীমান্ত অঞ্চলত ।নিশা হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলায় আহে বনৰীয়া হাতীৰ বৃহৎ বৃহৎ জাক।চলিত বৰ্ষত বৰ্তমানলৈকে ওদালগুৰি জিলাত ২৫ জনকৈ লোকৰ মৃত্যুৰ বিপৰিতে ৬ টাকৈ বন্য হস্তীৰো মৃত্যু । এই ক্ষেত্ৰত নিৰব ভূমিকা পালন কৰিছে অসম চৰকাৰৰ বিয়াগোম বন বিভাগ তথা বি.টি.চি. চৰকাৰে ।

Related Articles

Leave a Reply

Close