অসমশীৰ্ষ

দুধনৈত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে পিৰামল ফাউণ্ডেচনৰ বিশেষ পদক্ষেপ

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী:দুধনৈ শিক্ষাকেন্দ্রৰ সমুহ চৰকাৰী বিষয় ববীয়া আৰু পীৰামল ফাউণ্ডেশ্যনৰ সদস্যসকলে মিলিত হৈ দুধনৈ শিক্ষাকেন্দ্রৰ অন্তৰ্গত সমুহ শিক্ষাৰ্থী সকলৰ শিক্ষাগত মানদণ্ড উন্নীত কৰণৰ বাবে নানা ধৰণৰ নতুন পদক্ষেপ হাতত লৈছে। পীৰামল ফাউণ্ডেশ্যনৰ এগৰাকী গান্ধী ফেলো( gandhi fellow)দিপ্তী ডেকাই BaLa( building as a learning aid) নামৰ এক নতুন  শিক্ষণ পদ্ধতি হাতত লয়। BaLa হৈছে বিদ্যালয়ৰ ভিতৰত  থকা বা বিদ্যালয়ৰ চৌপাশে থকা বিভিন্ন সমল সমূহত পাঠ্যক্ৰমৰ লগত জড়িত কৰি চিত্র আঁকি ছাত্ৰ- ছাত্ৰী সকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰা লগতে এক আনন্দমূলক পৰিবেশৰ মাজৰে ছাত্ৰ- ছাত্ৰী সকলক শিক্ষাৰ প্ৰতি  উৎসাহিত কৰা। উক্ত প্ৰচেষ্টাক সফল কৰাৰ ক্ষেত্ৰত দুধনৈ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰীতা ৰাভাৰ ভূমিকা উল্লেখনীয়। ৰীতা ৰাভাই এই প্ৰচেষ্টাৰ প্রতি আকৰ্ষিত হৈ  সকলো বিদ্যালয়ত BaLa শিক্ষণ পদ্ধতিৰে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰিবলৈ শিক্ষক তথা সমল কেন্দ্র সমন্বয়ক সকলক আহ্বান জনায়।  খণ্ড শিক্ষা বিষয়া ৰীতা ৰাভাই জনোৱা আহ্বানত সঁহাৰি জনাই  শিক্ষা বিষয়া আৰু সমল কেন্দ্রৰ বিষয় ববীয়া সকলে শিক্ষা খণ্ডৰ বিভিন্ন বিদ্যালয় সমূহত BaLa শিক্ষণ পদ্ধতিৰে শিক্ষা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ।বৰ্তমান সময়ত পিৰামল ফাউণ্ডেশ্যনৰ গান্ধী ফেলো( gandhi fellow) দিপ্তী ডেকাই BaLa ৰ ব্যৱহাৰৰিক দিশৰ ওপৰত বিদ্যালয় সমূহত কাম কৰি আছে। আৰু দেখা গৈছে যে ইয়াৰ জৰিয়তে ছাত্র- ছাত্ৰী সকলে অতি সোনকালে  নিজৰ পাঠ্যপুথিৰ লগত জড়িত সাধাৰণ কথা শিকিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Close