অসমশীৰ্ষ

দৰঙত বিশিষ্ট জ্যোতিষবিদ ৰাজীৱ শৰ্মা লৈ কৰ্মপ্ৰেৰণা বঁটা আৰু জ্যেতিষ ৰত্ন সন্মান

প্ৰথম খবৰ,গুৱাহাটী: বিন্দু স্মাৰ্টৰ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মাহেকীয়া আলোচনী বিন্দু আৰু অসমৰ একমাত্ৰ সাংস্কৃতিক বাতৰি কাকত শিল্পীৰ দাপোণৰ দ্বাৰা আয়োজিত চিৰ সেউজ গীতৰ অনুষ্ঠান চিৰ যুগমীয়া ঢৌ তুলি শীৰ্ষক সংগীতানুষ্ঠানত অসমৰ বহুকেইগৰাকী প্ৰতিভাধৰৰ সতে ৰাজীৱ শৰ্মালৈ কৰ্মপ্ৰেৰণা বঁটা আগবঢ়ায়। আনহাতে কিছু দিন পুৰ্বে NEBCUS ৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ পৱিত্ৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত জ্যোতিষ ৰত্নৰ বটাঁ প্ৰদান কৰে শৰ্মাক। দৰঙৰ ডাহী অঞ্চলৰ বাসিন্দা ৰাজীৱ শৰ্মাক লৈ এতিয়া গাওঁ বাসী উৎফুলিত। জ্যোতিষ শাস্ত্ৰৰে সমাজক বিভিন্ন দিশত আগ বঢ়ায় নিয়াৰ ক্ষেত্ৰত অনুষ্ঠান দুটিয়ে প্ৰদান কৰে এই বটাঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ উপস্থিতত বিন্দু স্মাৰ্টে গুৱাহাটী জিলা পুথিভঁৰালত শৰ্মাক বটাঁ প্ৰদান কৰি প্ৰেৰণা যোগায়। জ্যোতিষ বিদৰ লগতে ৰাজীৱ শৰ্মা দেৱ এগৰাকী সু কবি আৰু সমাজ সেৱক। তেওঁ বহুতো ৰাজ্যিক পয্যায়ৰ সন্মান লাভ কৰিছে। উল্লেখনীয় যে তেওঁ ২০১৮ নতুন দিল্লীত অনুষ্ঠিত চিষ্টাৰ নিবেদিতা বঁটা লাভ কৰিছে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি। প্ৰাগজ্যোতিষ ৰত্ন বঁটা ও লাভ কৰিছে তেওঁ অসম জ্যোতিষ সভাৰ পৰা। শৰ্মাৰ এই পদক্ষেপত দল সংগঠন বোৰে প্ৰসংশা কৰিছে। লগতে ধৰ্মীয় নীতি নিয়মেৰে মাদক দ্ৰব্যৰ নিবাৰণ ক্ষেত্ৰত শৰ্মাই বিশেষ অনুপ্ৰেৰণা যোগায় আহিছে।

Related Articles

Leave a Reply

Close