নলবাৰীশীৰ্ষ

নলবাৰীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা,নলবাৰী: বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে নলবাৰী জিলা কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশেষকৈ বিজেপি চৰকাৰৰ ভুল অৰ্থনৈতিক নীতি, আকাশলংঘী মূল্যবৃদ্ধি, নুমলীগড় তেল শোধনাগাৰ, বিমান বন্দৰ, ভাৰত সঞ্চাৰ নিগম লিমিটেড, এয়াৰ ইণ্ডিয়া, তৈল ক্ষেত্ৰ,ৰে’ল সেৱা আদিৰ দৰে গুৰুত্বপূৰ্ণ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত লোৱা , কৃষকৰ দুৰৱস্থা আৰু আত্মহত্যা, নিবনুৱা সমস্যা আদি বিভিন্ন বিষয় লৈ আজি কংগ্ৰেছে প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায়। নলবাৰী ৰাজীৱ ভৱন প্ৰাংগনত অনুষ্ঠিত প্ৰতিবাদী সভাত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তাৰিক আনোৱাৰ , অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা , অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন আৰু নীলমণিসেন ডেকা ৷ জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত দিয়া ভাষণত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তাৰিক আনোৱাৰে কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ প্ৰয়োজন হৈছে। দেশবাসীক সপোন দেখুৱাই চৰকাৰখনে এতিয়া জনবিৰোধী নীতি লৈছে বুলি তেওঁ অভিযোগ কৰে। নোটবন্দীৰে দেশৰ অৰ্থনীতিত মাধমাৰ শোধোৱা মোডী চৰকাৰে কৰ্মসংস্থাপন দিব দূৰৰে কথা কৰ্মচাৰীক চাকৰিৰ পৰা খেদিব ধৰিছে।পুঁজিপতিক কৰ ৰেহাই দিয়া বিজেপি চৰকাৰে দেশত হিন্দু মুছলমানক ভাগ ভাগ কৰিছে বুলিও তাৰিক আনোৱাৰে মন্তব্য কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ভাষণ প্ৰসংগত কয় যে কংগ্ৰেছে গঢ়া দেশত বিজেপিয়ে সংকট নমাইছে। মোডী চৰকাৰে দেশ চলোৱাত ব্যৰ্থ হৈ কংগ্ৰেছে জমা কৰি থোৱা সম্পদ বিক্ৰী কৰাত লাগিছে বুলিও তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰে। দেশ অৰ্থনৈতিক জৰুৰী অৱস্থাৰ পিনে গৈ আছে বুলি ৰিপুণ বৰাই আশংকা কৰে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই আদৰণী ভাষণ দিয়া সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাষণত কয় যে আৰ এছ এছ সংস্কাৰবিহীন দল। যিসকলে ইংৰাজক সেৱা কৰিছিল তেওঁলোকে এতিয়া দেশক বিপথে নিবলৈ চেষ্টা কৰিছে বুলি তেওঁ কয়। ছদ্মবেশী গান্ধীবাদী বিজেপিয়ে নাথুৰামক গডছেক পূজা কৰে বুলি দেৱব্ৰত শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। প্ৰতিবাদী সভাত ভাষণ দি প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত এটা বলীয়া কুকুৰ এৰি দিছে। শিলাদিত্য নামৰ বলীয়া কুকুৰটোৱে অসমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰে নীলমণি সেন ডেকাই। প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে ভাষণত কেন্দ্ৰীয় চৰকাৰখন দেউলীয়া চৰকাৰত পৰিণত হৈছে বুলি উল্লেখ কৰে । প্ৰতিবাদী সভাৰ পিচতে কংগ্ৰেছ নেতা কৰ্মীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ , বি জে পি হায় হায়, খেদ ঐ খেদ বিজেপিক খেদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰে। তেওঁলোকে ৰাজীব ভৱনৰ পৰা পদযাত্ৰা কৰি নলবাৰীৰ প্ৰধান ডাকঘৰৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা,জিলা সভাপতি দিগন্ত বৰ্মন, সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ আদিয়ে অংশগ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close