অসমশীৰ্ষ

নলবাৰী ৰাস মহোৎসৱ আৰম্ভ

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী:শৰতৰ জ্যোৎস্না বিধৌত মঙলবাৰে সন্ধিয়া হেজাৰ হেজাৰ লোকৰ ব্যাপক উলহ মালহৰ মাজতে আৰম্ভ হয় নলবাৰী ৰাস মহোৎসৱ। নলবাৰী গৰ্ডন স্কুল খেলপথাৰৰ পৰা এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আহি নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত তেৰদিনীয়া ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উদ্যোগ, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উদ্বোধনী ভাষণ প্ৰসংগত পাটোৱাৰীয়ে জ্ঞান মাৰ্গ,কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ বিষয়ে উল্লেখ কৰি কয় যে ভক্তি মাৰ্গৰ জৰিয়তে ৰাস পালন কৰা হৈছে। ভক্তি মাৰ্গক শ্ৰেষ্ঠ পথ বুলিও তেওঁ কয়। তেওঁ আৰু কয় যে ভক্তিৰ পিচত মত্ত হয় , মত্ত হোৱাৰ পিচত স্তব্ধ হয়। তাৰ পিচত আত্মাৰাম ভৱ। ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক অশোক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কয় যে হৰিমন্দিৰৰ ৰাস মহোৎসৱ নলবাৰীৰ স্বাভিমান, গৌৰৱ আৰু জীৱনৰেখা। এই ৰাসে আমাৰ সনাতন সংস্কৃতিক আৰু অধিক উজ্জ্বল কৰিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অমলেন্দু চক্ৰৱৰ্তী, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, বিধায়ক নাৰায়ণ ডেকা আৰু ৰঙিয়া এন এফ ৰে’লৱেৰ মাণ্ডলিক প্ৰৱন্ধক ভি এ মলেগৱংকাৰ উপস্থিত থাকে। অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। উত্তৰ পূব ভাৰতৰ ধাৰ্মিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ অন্যতম নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত ১৯৩৩ চনৰে পৰা নিৰৱচ্ছিন্নভাবে উদযাপিত হৈ আহিছে ৰাস মহোৎসৱ। নলবাৰী ৰাস মহোৎসৱ মৃন্ময় মূৰ্তি প্ৰধান। ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কৰা ৰাস ক্ৰীড়া মৃন্ময় মূৰ্তিৰ সহায়ত দাঙি ধৰা হয়। এইবাৰো ৰামায়ন,মহাভাৰত, পুৰাণ আদিৰ কাহিনী,আখ্যান, উপাখ্যান ৮২ টা ষ্টলত স্থাপন কৰা প্ৰায় তেৰশ মৃন্ময় মূৰ্তি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ৷ অভাৰব্ৰীজৰ অৰ্ধনিৰ্মিত খুঁটাত গীতাৰ জন্ম আৰু নৰসিংহৰ ৰূপ বিদ্যুত চালনাৰে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে ৰাসমেলাৰ প্ৰৱেশপথত ২০ ফুট দৈৰ্ঘৰ বিদ্যুৎ চালিত দুটা ডাইন’ছৰ দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নলবাৰী নগৰৰ প্ৰৱেশপথত এঘাৰখন বিদ্যুতচালিত তোৰণ বহুওৱা হৈছে । পৰ্যটন বিভাগেও কেইবাখনো তোৰণ দিছে।

নলবাৰী ৰাসমহোৎসৱত পৰ্যটকৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাস মহোৎসৱ সমিতিয়ে৷ পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে দৰ্শনাৰ্থী উঠিব পৰা কেবাটাও হট এয়াৰ বেলুন উৰুওৱাৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে যোৱা বছৰো এই ঘোষণা কৰা হৈছিল যদিও সময়ত হট এয়াৰ বেলুন নুৰিল। তদুপৰি পাগলাদিয়াৰ বুকুত দহটা তম্বু ঘৰ সাঁজি নিশা পৰ্যটকক পৰিয়ালসহ তাত থকাৰ ব্যৱস্থা কৰিব বুলিও এইবাৰ ঘোষণা কৰা হৈছে ৷
নলবাৰী ৰাস মহোৎসৱ উপলক্ষে ৰাসমহোৎসৱ চলি থকা দিনকেইটাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ বিশেষ সেৱা থাকিব৷ ইপিনে, ৰাসমহোৎসৱৰ দিন কেইটাত নলবাৰী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বাহিৰে উজনি নামনিমুৱা প্ৰতিখন ৰে’ল গাড়ী দুই মিনিটকৈ ৰখাৰ বাবে ৰে’ল বিভাগে ব্যৱস্থা কৰিব বুলি উদ্যোক্তাসকলে জনাইছে৷
এইবেলি নলবাৰী ৰাস মহোৎসৱত ১৫ নবেম্বৰৰ পৰা ১৭ নবেম্বৰলৈ ঐতিহ্যমণ্ডিত মাজুলীৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব। নলবাৰীৰ ৰাস মানে হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট্যযুদ্ধ।সেই অনুসৰি ৰাস মহোৎসৱৰ মাজতে ১৮ ৰ পৰা ২১ নবেম্বৰলৈ বৃন্দাবন থিয়েটাৰ,১৯ ৰ পৰা ২৩ নবেম্বৰলৈ হেঙুল থিয়েটাৰ,১৯ ৰ পৰা ২২ নবেম্বৰলৈ ৰাজতিলক থিয়েটাৰ,২০ ৰ পৰা ২৩ নবেম্বৰলৈ থিয়েটাৰ সূৰ্য,১৮ ৰ পৰা ২৩ নবেম্বৰলৈ ৰাজমুকুট থিয়েটাৰ,১৯ ৰ পৰা ২৪ নবেম্বৰলৈ ইতিহাস থিয়েটাৰ আৰু ২১ ৰ পৰা ২৫ নবেম্বৰলৈ বৰদৈচিলা থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব।
ৰাস মহোৎসৱ উপলক্ষে অহা ১৩ নবেম্বৰত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। আনহাতে ১৪,১৫ নবেম্বৰত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত নাগাৰা নাম প্ৰতিযোগিতা।
নলবাৰী ৰাস মহোৎসৱ উপলক্ষে বিগত তিনি বছৰত সফলতাৰে গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ পিচত এইবাৰ চতুৰ্থবাৰৰ বাবে ৰাস মহোৎসৱৰ বাকৰিত গ্ৰন্থমেলা অনুষ্ঠিত হ’ব৷ ১৩ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগা গ্ৰন্থমেলা উদ্বোধন কৰিব ড° অমৰজ্যোতি চৌধুৰীয়ে।
ৰাস মহোৎসৱৰ সময়ত যাতে কোনো দুস্কৃতিকাৰীয়ে ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে ৰাসমহোৎসৱ পৰিচালনা সমিতিয়ে নিয়োগ কৰিব ১,৫০০ ৰ পৰা ২,০০০ হেজাৰ স্বেচ্ছাসেৱক। তদুপৰি ৭০ টা চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰে ৭ খন ভ্ৰাম্যমাণ থিয়েটাৰত দুটাকৈ ১৪ টা চিচি টিভি কেমেৰা থাকিব।।

Related Articles

Leave a Reply

Close