অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খান্দাজানত বানাক্ৰান্তলৈ আৰ্থিক সহাৰ্য প্ৰদান তুলিৰাম ৰংহাঙৰ

প্ৰথম খবৰ,খেৰণি:কাতিমহীয়া বানপানীৰ সময়ত পশ্চিম কাৰ্বি আংলঙৰ বানাক্ৰান্তৰ কাষ চাপি মন্ত্ৰী চুম ৰংহাং, কেশৱ মহন্ত, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত ইছফাকুৰ ৰহমানে বান পৰিস্থিতিৰ বুজ লৈছিল আৰু বানাক্ৰান্ত পৰিয়ালৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৩৮০০ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথাও ঘোষণা কৰিছিল। কিন্তু চৰকাৰী বান সাহাৰ্য বানপীড়িত পৰিয়ালে লাভ কৰাৰ পূৰ্বে বানৰ পিছত সন্মুখীন হোৱা হাহাকাৰৰ বুজ লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ খান্দাজানত বানাক্ৰান্তলৈ আৰ্থিক সহাৰ্য প্ৰদান কৰিলে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। লগতে ৰবিশস্যৰ বীজ, টিনপাত আদি  বিতৰণ কৰে অঞ্চলসমূহত। আনহাতে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন স্থানত ৰাইজৰ সৈতে মতবিনিময় কৰি অহা দুই-তিনি দিনৰ ভিতৰত বান সহাৰ্য হিচাপে ঘোষণা কৰা ৩৮০০ টকাৰ চেক বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰিব বুলিও অৱগত কৰে ৰংহাঙে। উল্লেখযোগ্য যে খান্দাজানত আয়োজন কৰা আৰ্থিক সহাৰ্য প্ৰদান কাৰ্যসূচীৰ মাজতে খান্দাজান প্ৰথমিক বিদ্যালয় চৌহদত ইতিমধ্যে কাৰ্বি আংলং শিক্ষা বিভাগৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ কৰা নৱ-নিৰ্মিত এটি বিদ্যালয় গৃহৰ শুভ উদ্বোধন কৰে ৰংহাঙে। ইয়াৰ উপৰি কাৰ্বি পৰিষদৰ অধীনত ৰাজহুৱা স্বাৰ্থত নিৰ্মাণ কৰা এটা জিৰণি চ’ৰাৰো শুভ উদ্বোধন কৰে খান্দাজানত। অতিকৈ গুৰুত্বপূৰ্ণ যে পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবি অঞ্চলত প্ৰায় তিনিশৰো অধিক পৰিয়াল আৰু খান্দাজানত প্ৰায় শতাধিক বানাক্ৰান্ত পৰিয়ালক ৰংহাঙৰ নিজাববীয়া প্ৰচেষ্টাত ইতিমধ্যে আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে বুলি সাংবাদিকৰ প্ৰশ্ন উত্তৰত জানিবলৈ দিয়ে তুলিৰাম ৰংহাঙে।
ইয়াৰ পাছতেই পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ বিথোঙ-ৰেংথেমা কাৰ্বি পৰিষদীয় সমষ্টিৰ কাৰ্বি ৰংচপি, কলঙা, ৰংকুৰু, মুখিম, চংকান, ৰং ক্লিৰদাপ, কুথেপি, ৰংমিদাৰকে ধৰি প্ৰায় দহখনতকৈ অধিক গাওঁবাসীৰ সৈতে মতবিনিময় কৰি ৰাইজৰ সমস্যাৰ বুজ লয় লগতে সমস্যা সমাধান আৰু সৰ্বাংগীন উন্নয়য়নৰ কথা উল্লেখ কৰি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে তুলিৰাম ৰংহাঙে।

Related Articles

Leave a Reply

Close