অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি ছাত্ৰ সংস্থাৰ উদ্যোগত জোঁৰ সমদলেৰে তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ, খেৰণি:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি ছাত্ৰ সংস্থাৰ উদ্যোগত জোঁৰ সমদলেৰে তীব্ৰ প্ৰতিবাদ। কাৰ্বি ছাত্ৰ সংস্থা, কাৰ্বি নাৰী সমাজ, স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতিৰ নেতৃত্বৰ যুটীয়া উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, ইউনিফৰ্ম চিভিল কড চমুকৈ ইউ চি চি, দুই সন্তানৰ নীতি,আৰু ষষ্ঠ অনুসচিত আইনৰ অধীনত থকা কাৰ্বি আংলঙত পঞ্চায়তীৰাজ ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে জোৰ সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সোমবাৰে নিশা কেবা শতাধিক প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, দুই সন্তানৰ নীতি নচলিব, ইউনিফৰ্ম চিভিল কড নচলিব, কাৰ্বি আংলঙত পঞ্চায়তিৰাজ ব্যৱস্থা মানি লোৱা নহব বুলি শ্লোগান দি সমগ্ৰ খেৰণি অঞ্চল উত্তাল কৰি তোলে। খেৰণিস্থিত এ এছ ডি চি আঞ্চলিক ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ চৌহদৰ পৰা খেৰণিঘাট হৈ খেৰণি আমপথাৰ লৈ বুলি এক বৃহৎ  জোৰ সমদল উলিয়াই এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী দলকেইটাই।

Related Articles

Leave a Reply

Close