অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি ছাত্ৰ সংস্থাৰ নেৰানেপেৰা প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সংস্থাৰ দুই গোটৰ পৃথক পৃথক জোৰ সমদল

প্ৰথম খবৰ,খেৰণি:কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, ইউনিফৰ্ম চিভিল কড আৰু ৰাজ্য চৰকাৰৰ দুই সন্তানৰ নীতি, ষষ্ঠ অনুসচিত আইনৰ অধীনত থকা কাৰ্বি আংলঙত পঞ্চায়তীৰাজ ব্যৱস্থা জাপি দিয়াৰ বিৰোধিতা কৰি কাৰ্বি ছাত্ৰ সংস্থাৰ (চেমচন টেৰণ) গোটে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ব্যাপক ভাৱে জোৰ সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। খেৰণি থানা অন্তৰ্গত খেৰণি চাৰি-আলিৰ পৰা খেৰণি তিনিআলি লৈকে প্ৰায় চাৰি কিলোমিটাৰ পথত সহস্ৰাধিক যুৱক যুৱতীয়ে হাতে হাতে জোৰ লৈ বিজেপি গ বেগ, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, দুই সন্তানৰ নীতি নচলিব, ইউনিফৰ্ম চিভিল কৰ্ড নচলিব, কাৰ্বি আংলঙত পঞ্চায়তিৰাজ ব্যৱস্থা মানি লোৱা নহব বুলি শ্লোগান দি সমগ্ৰ খেৰণি অঞ্চলত কঁপাই তোলে। উল্লেখনীয় যে ইতিমধ্যে তথা সোমবাৰে নিশা  কাৰ্বি ছাত্ৰ সংস্থাৰ চুৰেন গোটেও সেই একেখিনি বিষয়ৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ঠিক একেদৰে মঙ্গলবাৰে নিশা পুনৰ জোৰ সমদল উলিয়াই কাৰ্বি ছাত্ৰ সংস্থাৰ চেমচন টেৰণ গোটটোয়েও উল্লেখিত বিষয়সমূহৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

 

Related Articles

Leave a Reply

Close