অসমশীৰ্ষ

পূৰ্বোত্তৰ সীমান্ত ৰেল’ৱে কৰ্মচাৰী সংঘৰ কাৰ্যালয়ৰ শুভ উদ্বোধন

প্ৰথম খবৰ,পঙ্কজ নাথ , চাংসাৰি:ভাৰতৰ সৰ্ববৃহৎ শ্ৰমিক সংগঠন ভাৰতীয় মজদুৰ সংঘ দেশৰ সংগঠিত আৰু অসংগঠিত ক্ষেত্ৰত কৰ্মৰত শ্ৰমিক সকলৰ দ্বাৰা গঠিত। দেশৰ শোষিত আৰু উৎপীড়িত শ্ৰমিকসকলৰ বাবে ভাৰতীয় মজদুৰ সংঘই ১৯৫৫ চনৰ পৰা এক বিশেষ ভূমিকা পালন কৰি আহিছে । অসমতো ভাৰতীয় মজদুৰ সংঘৰ সাংগঠনিক স্হিতি অতি শক্তিশালী। আজি মালিগাওঁত ভাৰতীয় মজদুৰ সংঘৰ অধীনস্থ পূৰ্বোত্তৰ সীমান্ত ৰেল’ৱে কৰ্মচাৰী সংঘৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ভাৰতীয় মজদুৰ সংঘৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক সুনীল কিংৰৱাইয়ে । ইয়াৰ আগেয়ে পূৰ্বোত্তৰ সীমান্ত ৰেল’ৱে কৰ্মচাৰী সংঘৰ সভাপতি ভুপেন ডেকা আৰু সম্পাদক জিতু হাজৰিকাই বিশিষ্ট অতিথি বৃন্দক সম্ভাষণ জনাই। উল্লেখ্য যে যোৱা ১ নৱেম্বৰ তাৰিখে পূৰ্বোত্তৰ সীমান্ত ৰেল’ৱে কৰ্মচাৰী সংঘৰ সৰ্বোচ্চ সাধাৰণ পৰিষদীয় সভাত ভূপেন ডেকাক সভাপতি, জিতু হাজৰিকাক সম্পাদনক হিচাপে নিৰ্বাচিত কৰি পূৰ্বোত্তৰ সীমান্ত ৰেল’ৱে কৰ্মচাৰী সংঘৰ এখন শক্তিশালী সমিতি গঠন কৰা হৈছিল।

Related Articles

Leave a Reply

Close