অসমশীৰ্ষ

ফকিৰাগ্রাম ৰাস মহোৎসৱৰ শুভাৰম্ভ

প্রথম খবৰ , ফকিৰাগ্রাম , কিশোৰ মিশ্ৰা: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকি অন্তর্গত  ফকিৰাগ্রামত আঞ্চলিক শ্রী শ্রী ৰাধা গোবিন্দ মন্দিৰৰ প্রাঙ্গণত দ্বিতীয় বৰ্ষৰ ৰাস মহোৎসৱ  আজি দিনৰ ভাগত ফকিৰাগ্রাম আৰক্ষী চকি ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাযে ৰঙা ফিতা কাটি শুভাৰম্ভনি কৰে। আজিৰ পৰা আৰম্ভ হোৱা ফকিৰাগ্রাম আঞ্চলিক ৰাস মহোৎসৱ ২১ নৱেম্বৰলৈ দহ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদ্যাপিত কৰা হ’ব। উক্ত ৰাস মহোৎসৱ শুভাৰম্ভনি সময়ত  কোকৰাঝাৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী মাননীয় অৰূপ দে, ফকিৰাগ্রাম আঞ্চলিক ৰাস মহোৎসৱ সমিতিৰ সভাপতি প্ৰবীৰ সান্যাল, সম্পাদক ৰূবন দে, শ্রী শ্রী ৰাধা গোবিন্দো মন্দিৰ সমিতিৰ সভাপতি বৰূন গোষ , সম্পাদক সুভাষ দেবনাথ, সুৰেন্দ্র শর্মাৰ লগত সপ্ন পাল সহ ফকিৰাগ্রামৰ  সমূহ ৰাজৰ আৰু ফকিৰাগ্রামত আঞ্চলিক ৰাস মহোৎসৱ সমিতিৰ সদস্যে সকাল উপস্থিত থাকে।আনহাতে উক্ত ফকিৰাগ্রাম আঞ্চলিক ৰাস মহোৎসৱ শুভাৰম্ভনিৰ পিছত ফকিৰাগ্রামৰ শ্রী শ্রী ৰাধা গোবিন্দ মন্দিৰৰ প্রাঙ্গণত দুপৰীয়া প্রায় ১২ ম্যান বজাত মন্দিৰৰ মুখ্য দুৱাৰ আধাৰশিলা স্থাপন কৰে কোকৰাঝাৰ  জিলাৰ বিশিষ্ট সমাজকৰ্মী মাননীয় অৰূপ দে।

Related Articles

Leave a Reply

Close