অসমবিনোদন

বাদুংদুপ্পাত ১৫ ডিচেম্বৰৰ পৰা আন্দাৰ দ্যা ছাল ত্ৰি নাট মহোৎসৱ

প্ৰথম খবৰ ,আগিয়া , ৯ নৱেম্বৰ : বাদোংদুপ্পা কোলাকেন্দ্ৰৰ উদ্যোগত দশম সংখ্যক আন্দাৰ দ্যা ছাল ট্ৰি – ২০১৯ নাট মহোৎসৱ অহা ১৫ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ Badungduppa বাকৰিত অনুষ্ঠিত কৰিবলৈ পূৰণ প্ৰস্তুতি চলাইছে Badungduppa পৰিয়ালে । প্রাপ্ত বাতৰি মতে উক্ত নাট মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৫ ডিচেম্ব পুৱা ৯-৩০ বজাত অনুষ্ঠিত হব শুভাৰম্ভ অনুষ্ঠান । পুৱা ১০ বজাত নাট মহোৎসৱৰ প্ৰথমখন নাট Badungduppar নাট্যকর্মী মদন ৰাভাৰ ৰচনা আৰু ধনঞ্জয় ৰাভাৰ পৰিচালনাত মঞ্চস্থ হব “কুকুইৰাজা” । বিয়লি ৩ বজাত পশ্চিমবংগৰশান্তিপূৰ্ণ সাংস্কৃতিক নাট্যগোষ্টীৰ কৌশিক চেটাৰজীৰ পৰিচালনাত –‘ৰক্ত উপাখ্যান’ । ১৬ ডিচেম্বৰত পুৱা ১০ বজাত বাংলাদেশৰ ‘সাধনা’ নাট্যগোষ্টীৰ নাজনীন হাছান চুমকীৰ পৰিচালনাত সীতাৰ অগ্নী পৰীক্ষা । বিয়লি ৩ বজাত মঞ্চস্থ হব বি.এ. কালচাৰেল অৰ্গেনাইজেচন অসমৰ অনুপ হাজৰিকাৰ পৰিচালনাত – ‘ চৰণদাস চোৰ ‘ নামৰ নাটখন । ১৭ ডিচেম্বৰত ১০ বজাত উৰিষ্যা ভুৱনেশ্বৰৰ তৰংগ থিয়েটাৰৰ জ্ঞানাৰঞ্জন সাথুৱাৰ পৰিচালনাত – ‘ এ নাইট উইথ গান্ধী ‘ নাটখন আৰু বিয়লি ৩ বজাত নাট মহোৎসৱৰ অন্তিমখন নাট মণিপুৰৰ ৰানাবীৰ খইছনামৰ পৰিচালনাত মঞ্চস্থ কৰা হব — ‘ মিনাই ‘ নামৰ নাটখন ।

।। কুকুইৰাজা প্ৰিমিয়াৰ শ্ব ।।

আনপিনে Badungduppa উদ্যোগত পূৰ্ণগতিত আখৰা চলি থকা মদন ৰাভাৰ ৰচনা আৰু ধনঞ্জয় ৰাভাৰ পৰিচালিত ‘ কুকুইৰাজা ‘ নামৰ নাটখনৰ অহাকালি প্ৰিমীয়াৰ শ্বো অনুষ্ঠিত কৰা হব বুলি নাট্যকাৰ মদন ৰাভাই জনায় । আনহাতে কালি বিয়লি ৩ বজাত ৬৫ মিনিট দৈৰ্ঘ্যৰ ‘ কুকুইৰাজা ‘ শ্বোৰ শুভাৰম্ভ কৰিব গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই । উল্লেখযোগ্য যে নাট্যযোদ্ধা শুক্ৰাচাৰ্য ৰাভাৰ মহাপ্ৰয়ানৰ পিছত বাদুঙদুপ্পাৰ নিজাকৈ প্ৰথম নিবেদন — ‘ কুকুইৰাজা ‘ ।

Related Articles

Leave a Reply

Close