অসমশীৰ্ষ

বিশুদ্ধ খোৱা পানীৰ সমস্যাই জলা-কলা খুৱাইছে উত্তৰ গুৱাহাটীবাসীক

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:দেশৰ প্ৰগতি হৈছে, আতৰাহে নাই বিশুদ্ধ খোৱা পানীৰ সমস্যা। জনস্বাস্থ্য বিভাগৰ উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধীনৰ পানী যোগান ব্যৱস্থাই জলা কলা খুৱাইছে উত্তৰ গুৱাহাটীবাসীক। ঘোলা লেটেৰা দুৰ্গন্ধময় পানীকে পান কৰিবলৈ শুকুৰবাৰে বাধ্য উত্তৰ গুৱাহাটীবাসী বিশুদ্ধ খোৱাপানীৰ টোপাল নোহোৱা বাবে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াইছে। নানান অজুহাতত তিনি চাৰি দিনলৈ পানী নাহে উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিজিটেল পানী যোগান আঁচনি, ৪ দিনলৈকে নাথাকে পানী, এটুপি বিশুদ্ধ পানীৰ বাবে জনতাই এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে।

উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধীনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্পটোৱে নিৰ্মাণৰ দিনধৰি উত্তৰ গুৱাহাটীৰ চাৰিটা ৱাৰ্ডত পানী যোগান ধৰি আহিছে। যোৱা দুবছৰ মানৰ পৰা পানী যোগান একে বাৰে অনিয়মীয়া হৈছে এই প্ৰকল্পটোত । পানী দিলেও এচাম লোকে ঘৰত পাম্প বহুৱাৰ ফলত সৰহসংখ্যক লোক পানীৰ পৰা বঞ্চিত হৈ আহিছে। এই ক্ষেত্ৰত প্ৰশাসনে পাম্পবোৰ জব্দ কৰাৰ বাবে কোনো ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই। কিহৰ অভাৱত পৰিশোধন নকৰা পানী খুৱাই আহিছে জনতাক ইয়াক লৈ নানান প্ৰশ্ন জাগি উঠিছে এই অঞ্চলৰ লোক সকলৰ মাজত । এই অঞ্চল সমূহত মাত্ৰ আধা ঘন্টা যোগান ধৰা পানী ভাগত নপৰিলেই মহিলাৰ আৰম্ভ হয় কাজিয়া। ইফালে অনিয়মীয়া পানীযোগান ব্যৱস্থাৰ বাবে পানীৰ যোগান ধৰা এক অসাধু চক্ৰ গঢ়লৈ উঠিছে। এই চক্ৰটোৱে ঘৰতে নীতি বহিৰ্ভূতভাৱে পাম্প বহুৱাই প্ৰশাসনৰ আগতে চলাই গৈছে পানীৰ ৰমৰমীয়া ব্যৱসায়। শিলৰ অবস্থিতিৰ বাবে টিউবেল বহুৱাবলৈ অপৰাগ জনতাৰ ইয়াত কুঁৱা বহুৱাবলৈও হাতত ধন নোহোৱাত ভীষণ সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে । যোৱা নিৰ্বাচনত জালুকবাৰীৰ জনপ্ৰতিনিধিয়ে এই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া সকলো ফুটুকাৰ ফেন হৈ পৰাত ৰাইজে তৎকালে এই সমস্যা নিৰাময় কৰাৰ বাবে জালুকবাৰীৰ জনপ্ৰতিনিধি তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উক্ত সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে । তাৰোপৰি কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যকো উক্ত সমস্যা নিৰাময়ৰ বাবে উচিত কাৰ্যপন্থা হাতত লবলৈ অঞ্চলবাসী ৰাইজে দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close