অসমশীৰ্ষ

বৰযাত্ৰীৰ বাহন দূৰ্ঘটনাগ্ৰস্ত, নিহত আঠজন লোক

গোপাল নাথ, ওৰাং:
ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত আঠ জনকৈ লোক৷ জানিব পৰা মতে মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়াখাই উভতি আহি থকা পথত Ertiga গাড়ীখনে ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো। Ertiga গাড়ীৰ ভিতৰতে আবদ্ব হৈ আছিল থিতাতে নিহত আঠ জনকৈ লোক। দুৰ্ঘটনা সংঘটিত হোৱা Ertiga খনৰ নম্বৰ AS 12 V 9333. আৰু ৰৈ থকা ট্ৰাক খনৰ নম্বৰ AS 12B 2022৷উল্লেখযোগ্য যে নিশা ওৰাঙৰত পৃথকে পৃথকে দুটাকৈ দুৰ্ঘটনা সংঘটিত হয়৷ওৰাঙৰ নিছিলামাৰীত ১৫নং ৰাষ্ট্ৰীয় পথত প্ৰথমটো দুৰ্ঘটনা সংঘটিত হোৱাত কিছু ঘন্টা যান বাহন পথত আৱদ্ধ হোৱাৰ পাছত ৰৈ থকা ট্ৰাকত পিছ ফালৰ পৰা প্ৰচণ্ড জুৰেৰে খুন্দা মাৰে Ertga গাড়ীখনৰ চালকে৷ পিছত ওৰাং আৰক্ষীয়ে আঠোটা আৱদ্ধ মৃতদেহ সহ থানালৈ আনি দুৰ্ঘটনা গ্ৰস্থ Ertiga গাড়ীৰ দৰ্জা ভাঙি মৃত দেহ কেইটা উলিওৱাৰ ব্যৱস্থা কৰে৷ মৃত বক্তি কেইজনৰ বৰ্তমানলৈকে ৬ জনক চিনাক্ত
কৰা হৈছে৷মৃত বক্তি কেইজন দিগন্ত শইকীয়া,ৰিংকু শইকীয়া,ৰনণজিৎ ডেকা,পাৰ্থপুৰী,নাৰায়ন দাস,টিংকু বৰা,কমল দেব নাথ বুলি জানিব পৰা গৈছে৷

Related Articles

Leave a Reply

Close