অসম

ভেৰগাঁৱৰ ভূটিয়াচাংত বন্যহস্তীৰ আক্ৰমণত নিহত এক

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:

ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অাহি খেতিপথাৰ,ভড়ালৰ ধান -চাউল খাই নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি নিতৌ গৃহহাৰা কৰিছে পৰিয়ালক ৷
কেৱল ঘৰ -দুৱাৰ ভাঙিয়েই শান্ত থকা নাই বন্যহস্তীয়ে ছলিত বৰ্ষতে বন্যহস্তীৰ আক্ৰমণত ভেৰগাঁও মহকুমাতে নিহত হৈছে ২৩ জনকৈ নিৰিহলোক ৷ইফালে মৃত্যু হৈছে পাঁচটাকৈ বন্যহস্তীৰো ৷
যোৱা নিশা ভেৰগাঁৱৰ ৫ নং ভূটিয়াচাংত প্ৰবেশ কৰে এটা বৃহৎ বন্যহস্তীৰ জাক ৷
বন্যহস্তী অহাৰ উমান পাই নিজৰ খেতিদৰা চাবলৈ আহোতেই *মনছুক* *বাৰলা* (৫৫)লোকজনক বন্যহস্তী এটাই গছকি নিহত কৰে ৷
ইফালে গাঁওখনত বন্যহস্তীয়ে প্ৰবেশ কৰাৰ লগে লগেই ৰাইজে বনবিভাগক খবৰ দিয়ে যদিও বনবিভাগৰ লোক উপষ্ঠিত নোহোৱাত ক্ষোভ উজাৰে ৰাইজে ৷

দিনৰ পোহৰত চাহবাগিছা সমুহত বাহৰ পাতে আৰু নিশা হোৱাৰ লগে লগেই গাঁওসমূহত প্ৰবেশ কৰি ঘৰ -দুৱাৰ, ভঙাৰ লগতে মানুহকো হত্যা কৰে ৷

হাতী-মানুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো ৷

Related Articles

Leave a Reply

Close