অসম

মঙলদৈত বাণিজ্য মেলাৰ সামৰণি

প্ৰথম খবৰ, মঙলদৈ:
ৰাজ্যখনৰ ক্ষুদ্ৰ আৰুঅতিক্ষুদ্ৰ উদ্যোগ সমূহৰ উৎপাদিত সা সামগ্ৰী সমূহৰ ব্যৱসায়ীক ভাবে সম্প্ৰসাৰণ কৰাৰ বাবে বিভিন্ন স্তৰত উদ্যোগিক প্ৰদৰ্শন কৰি বাণিজ্যিক মেলা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে মঙলদৈ লোকসভাৰ সাংসদ দিলীপ কুমাৰ শইকীয়াই ৷দৰংজিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৌজন্যত আৰু বেচৰকাৰী সংস্হা ক্ৰিষ্টেল ভিজনৰ উদ্যোগত মঙলদৈৰ ঐতিহাসিক গান্ধীময়দানত পাচঁদিনীয়াকৈ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত ঔদ্যোগিক প্ৰদৰ্শনী আৰু বাণিজ্যিক মেলাখনৰ আজি সামৰণি অনুষ্ঠানত সাংসদ গৰাকীয়ে এইদৰে কয় ৷অনুষ্ঠানত মহিলা ব্যৱসায়ী সকলৰ লগত মত বিনিময় কৰি সকলোকে অভিনন্দন জনায় ৷মহিলা সকলে এইদৰে জাতীয় অৰ্থনীতিত যথেষ্ট ৰাজহ আনি দিব পাৰে ৷অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close