অসমশীৰ্ষ

মঙলদৈত ৰাষ্ট্ৰীয়প্ৰেছ দিৱস উদ্‌যাপন

প্ৰথম খবৰ,মঙলদৈ:ৰাজ্যৰ অন্য প্ৰান্তৰৰ দৰে ১৫ নবেম্বৰত মঙলদৈ প্ৰেছ ক্লাৱত স্মৃতি তৰ্পন অনুষ্ঠানেৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷অনুষ্ঠানটি উদ্বোধন কৰে বৰিষ্ঠ সাংবাদিক মদন বৰুৱা দেৱে ৷স্মৃতি তৰ্পণ অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল খালেক ,সম্পাদক মুকুটৰাজ শৰ্মা,দৰং জিলাৰ জনসংযোগ বিষয়া মণিমালা গগৈ ,পূৰ্বৰ সাংবাদিক তথা মঙলদৈ কলেজৰ অধ্যাপক জামালুদ্দিন আলি ,সাপ্তাহিক মঙল বাতৰি ৰ সম্পাদক প্ৰশান্তবৰুৱা পষেকীয়া বাৰ্তা পৰিক্ৰমাৰ সম্পাদক অশ্বিনীকুমাৰ শৰ্মা ,জিলা বি জে পিৰ সভানেত্ৰী নীলিমা দেৱীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে স্মৃতি তৰ্পণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ইয়াৰ পিছতেই প্ৰেছ ক্লাৱত সভাপতি আব্দুল খালেকৰ সঞ্চালনাত ” সংবাদ পৰিৱেশন ,তাৎপৰ্য অনুধাৱন
এক যাত্ৰা ” শীৰ্ষক আলোচনা সভা খনি অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে নিয়মীয়াবাৰ্তাৰ সম্পাদক নৰেশ কলিতা ,
আমাৰ অসম কাকতৰ৷সম্পাদক মন্টু শইকীয়া ,জিলা জনসংযোগ বিষয়া৷মণিমালা গগৈ,প্ৰেছ ক্লাৱৰ উপ দেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকা বিধায়ক গুৰুজ্যোতি দাস আৰু কেইবাজনো বিশিষ্ট ব্যক্তি আৰু জিলাখনৰ সাংবাদিক সকল ৷ এই সভাতেই প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি মঙলদৈৰ পৰা প্ৰকাশ কৰি অহা সাপ্তাহিক মঙল বাতৰি কাকতৰ সম্পাদক। জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত বৰুৱা ক প্ৰেছ ক্লাৱৰ তৰফৰ পৰাসম্বৰ্দ্ধিত কৰা হয় আৰু সাংবাদিক আছাদ আলি ,ফটো সাংবাদিক প্ৰাঞ্জল মহন্তকো সম্বধৰ্না জনোৱা হয় ৷আনহাতে সভা খনি উদ্বোধন কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দকুমাৰ শইকীয়াই লগতে তেখেতে মঙলদৈ প্ৰেছ ক্লাৱলৈ এটি কম্পিউটাৰ চেট সহ আগবঢ়াই ৷ক্লাৱৰ তৰফৰ পৰা৷আন্তৰিক সম্ভাষণ জনোৱা হয় ৷ ১৬ নবেম্বৰত জিলা উপায়ুক্তৰ সভাগৃহত পুনৰ প্ৰেছদিৱসৰ আয়োজন কৰা হৈছে ৷উপায়ুক্ত ঘনশ্যাম দাসে জিলাৰ সকলো সাংবাদিকক সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close