অসমবিনোদনশীৰ্ষ

মাজুলী গাভৰুৰ বাবে বাবুৰ ক্ষমা প্ৰাৰ্থনা

অৱশেষত ক্ষমা বিচাৰিলে বাবুৱে৷ মাজুলী গাভৰু গীতটো ভুলকৈ চিত্ৰায়ণ হোৱাক লৈ ক্ষমা বিচাৰি ফেচবুকত পোষ্ট দিলে বাবুৱে৷ ক্ষমা বিচাৰি বাবুৱে লিখিছে—
মোৰ নতুন আধুনিক গীত “মাজুলী গাভৰু” ৰ Video ক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া মোৰ একান্তই অনিচ্ছাকৃত।কোনো ধৰ্মীয় পৰম্পৰাৰ অনুভূতিক আঘাত কৰাৰ দু: সাহস মই কেতিয়াও কৰা নাই বা আগলৈও নকৰোঁ।যিহেতু”মাজুলী গাভৰু” গীত টিৰ Video টোৱে সত্ৰীয়া পৰম্পৰাৰ অনুভূতিত আঘাত হানিছে বুলি অভিযোগ উত্থাপিত হৈছে, সেয়ে মই অত্যন্ত ব্যথিত হৈছো আৰু এই Facebook মঞ্চৰ পৰাই এই অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত মই ক্ষমা ভিক্ষা প্ৰাৰ্থনা কৰিলোঁ লগতে গীত টিৰ Video টো উল্লেখিত YouTube channel ত সম্পাদনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ”
টাইমছ মিউজিক এছামিজ নামৰ চেনেলটোত আপলোদ হোৱা ভিডিঅ’টো আপলোদ হৈছিল সোমবাৰে বিয়লি তিনি বজাত আৰু মঙলবাৰপৰ্যন্ত ভিডিঅ’টো চাইছে প্ৰায় চাৰি লক্ষাধিক লোকে৷ ইতিমধ্যে ভিডিঅ’টো ডিলিট কৰি দিয়া হৈছে ইউটিউব চেনেলটোৰ পৰা৷ অৱশ্যে বাবুৰ ফেচবুক পোষ্টৰ এই ক্ষমা প্ৰাৰ্থনাৰ পিছত গোচৰ প্ৰত্যাহাৰ কৰা হ’ব মে নাই সেইটো জানিব পৰা হোৱা নাই৷ পৰৱৰ্তী সময়ত আৰু এটা পোষ্টত বাবু বৰুৱাই লিখিছে —মাজুলী গাভৰু গীতটিৰ বিতৰ্কিত দৃশ্যাংশবোৰৰ বাবে মই অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগিছো ।আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ইতিমধ্যে ইউ টিউব চেনেলৰ পৰা গীতটি আঁতৰাই দিয়া হৈছে । আশাকৰোঁ এই বিতৰ্কৰ ইমানতে অন্ত পৰক ।”
অৱশ্যে এই ক্ষমাা প্ৰাৰ্থনাক লৈ সন্তুষ্ট নহয় একাংশ লোক৷

Related Articles

Leave a Reply

Close