অসমশীৰ্ষ

হামৰেন বিজেপি মণ্ডল কমিটিৰ সভাপতিৰূপে বীৰেনছিং তিচ্ছ’ক দায়ত্বভাৰ প্ৰদান

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত হামৰেন বিজেপি মণ্ডল কমিটিৰ সভাপতিৰূপে  নিৰ্বাচিত হয় সমষ্টিটোৰ অন্যতম বিজেপি নেতা তথা গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ বীৰেনছিং তিচ্ছ’। উল্লেখযোগ্য যে দলীয় নিৰ্দেশ আৰু নীতি অনুসৰি উক্ত সমিতিৰ সভাপতি পদত বীৰেনছিং তিচ্ছ’ই প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও উক্ত পদৰ বাবে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল নকৰাত বীৰেনছিং তিচ্ছ’ অপ্ৰতিদ্বন্দী প্ৰাৰ্থী হৈ ৰয় আৰু কমিটিৰ সভাপতিৰূপে নিৰ্বাচিত হয়। ইয়াৰ পাছতেই জেংখাত এখন দলীয় সভা অনুষ্ঠিত কৰি বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰা বীৰেনছিং তিচ্ছ’ক হামৰেন বিজেপি মণ্ডল কমিটিৰ সভাপতিৰ দায়ত্বভাৰ প্ৰদান কৰে হামৰেন বিজেপিয়ে। মনকৰিবলগীয়া যে কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিৰ অন্তৰ্গত থকা মুঠ ২১ খনকৈ বিজেপি স্থানীয় সমিতিক সামৰি লৈ অনুষ্ঠিত কৰা হৈছিল হামৰেন বিজেপি মণ্ডল কমিটিৰ নিৰ্বাচন প্ৰক্ৰিয়া। অনুষ্ঠিত নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্ততঃ হামৰেন বিজেপি মণ্ডল কমিটিৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে বীৰেনছিং তিচ্ছ’ নিৰ্বাচিত হয়। আশানুসাৰে পৰৱৰ্তী সময়ত সভাপতিগৰাকীয়ে হামৰেন সমষ্টিত দলীয় নেতা-কৰ্মীক সু নেতৃত্ব দি হামৰেন বিজেপিক শক্তিশালি কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে সভাত উপস্থিত থকা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে। আনহাতে আয়োজিত সভাৰ মজিয়াতে নৱ নিৰ্বাচিত সভাপতিগৰাকীক কাৰ্বি মাফলাৰে সম্বৰ্ধনাও জনায় মঙ্গলছিং তিমুঙে। সমান্তৰালকৈ উপ সভাপতি হিচাপে ক্ৰমে বাছা তেৰণ, মঙ্গলছিং বে, মইনা বেপি, মোহন তেৰাঙৰ বিপৰীতে সাধাৰণ সম্পাদক হিচাপে জুৱেলচন টকবি, ৰঞ্জিত তেৰণ আৰু সম্পাদক হিচাপে চাৰি গৰাকীক, এগৰাকী কোষাধক্ষ আৰু ২৩ গৰাকী সদস্যক বাচনি কৰি আজি ৪৫+১ জনীয়া পূৰ্ণাংগ হামৰেন বিজেপি মণ্ডল কমিটিৰ গঠন কৰে হামৰেন বিজেপিয়ে।

Related Articles

Leave a Reply

Close