অসম

ৰহাৰ বিশিষ্ট সমাজকৰ্মী ভদ্ৰেশ্বৰ পাটৰৰ মৃত্যু

প্ৰথম খবৰ ,বুলন চন্দ্ৰ নাথ ,ৰহা:

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰজাগাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ভদ্ৰেশ্বৰ পাটৰৰ আজি ৭৮ বছৰ বয়সত নিজা বাসভৱনত বিয়োগ ঘটে। উল্লেখ্য যে বাৰ্ধক্যয়ো হাৰ মনাব নোৱাৰা ভদ্ৰেশ্বৰ পাটৰ আজি কিছুদিনৰ আগতে  সাধাৰণ ৰোগত আক্ৰান্ত হৈ আছিল যদিও আজি পুৱা হঠাৎ মৃত্যুক আকোঁৱালি লোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ১৯৪১ চনত ৰহাত জন্মগ্ৰহণ কৰা বিশিষ্ট সমাজ কৰ্মী পাটৰে ৰহা মজলীয়া বিদ্যালয়ত শিক্ষাৰম্ভ কৰি ৰহা হাইস্কুল( বৰ্তমান ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়)ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৬৭  চনত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠত সহ: শিক্ষক হিচাপে যোগদান কৰি শিক্ষকতা সেৱা আগবঢ়াই ১৯৭৭  চনত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শাখাত অসমীয়া বিভাগৰ শিক্ষক হিচাপে যোগদান কৰি ২০০২ চনত অৱসৰ গ্ৰহণ কৰে। সৰুৰে পৰা অল্পভাষী আৰু দক্ষতাপূৰ্ণ পাটৰে ৰহা অঞ্চলৰ সামাজিক , সাংস্কৃতিক , সাহিত্যৰ আৰু ক্ৰীড়া সংগঠনৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই গৈছে। তদুপৰি তিৱা জনগোষ্ঠীৰো সামাজিক, সাংস্কৃতিক কামত বিশেষ ভাৱে সহযোগ কৰি তিৱা সাহিত্য সভাৰ উপসভাপতি পদো অলংকৃত কৰিছিল। ইয়াৰ লগতে ৰহা জেষ্ঠ নাগৰিক সন্মিলনৰ  কাৰ্যকৰী সদস্য হোৱা উপৰিও বিভিন্ন জাতীয় দল সংঠনৰ লগত জড়িত তেখেত শিক্ষকতা জীৱনত ৰহা কৰ্মচাৰী সমাজ খনক আগুৱাই নিছিল । তদুপৰি ১৯৮৮ চনৰ পৰা ৰহা ক্ৰীড়া সন্থাৰ লগতো জড়িত আছিল। পাটৰৰ মৃত্যুত ৰহা আঞ্চলিক সাংবাদিক সন্থা, ৰহা আঞ্চলিক ক্ৰীড়াসন্থা ,মাছ , ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ ,কপিলী প্ৰাথমিক শিক্ষক সন্মিলনী, জেষ্ঠ নাগৰিক মঞ্চ ৰহা, ৰহা শাখা সাহিত্য সভা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, ৰহা ব’হাগী মেলা, নগাঁও জিলা ট্ৰাইবেল সংঘৰ লগতে তিৱা সাহিত্য সভা আৰু বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ  গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আজি পাটৰৰ বিয়োগৰ খবৰ লাভ কৰি বহু গুণমুগ্ধই আহি তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পাটৰৰ দৰে এজন সৰবৰহী ব্যক্তি বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ৷

Related Articles

Leave a Reply

Close