অসমশীৰ্ষ

অগপৰ নিকৃষ্ট কাণ্ড : শব্দৰ অভাৱত “যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰেছ বিবৃতিৰ হুবহু নকল

সৰ্বত্ৰে সাংবাদিক সমাজৰ প্ৰতিক্ৰিয়া

নিজা প্ৰতিবেদক ,২ ডিচেম্বৰ ডিব্ৰুগড়: -যুৱ সাংবাদিক সকলৰ নেৰ্তৃত্বত গঠিত হোৱা ৰাজ্যৰ এটা অগ্ৰণী সাংবাদিক সংগঠন যুৱ সাংবাদিক সন্থা ,অসমে আগন্তক ২০২০ বৰ্ষৰ ৯ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ লোৱা সংগঠনটোৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিবসৰ আৰু বিশেষ সম্বৰ্ধণা অনুষ্ঠানটোৰ সন্দৰ্ভত সংবাদ মাধ্যমলৈ একোখন প্ৰেছ বিবৃতি দিছিল সংগঠনটোৱে ৷ কিন্তু উক্ত প্ৰেছ বিবৃত্তিটোকে অসম গণ পৰিষদে হুবহু নকল কৰি ছ’চিয়েল মেডিয়াত কালি অসম গণ পৰিষদৰ ব্যক্তিগত ফেচবুক পেইজত এৰি দিয়ে ৷ এই বিষয়টো যুৱ সাংবাদিক সন্থা ,অসমৰ নেতৃবৰ্গৰ দৃষ্টিগোচৰ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে — জ্ঞান নেথাকিলে ৰাজনীতি কৰিব নেলাগে ,কিন্তু আনৰ সৃষ্টিৰাজি শব্দভাণ্ডাৰক হুবহু নকল কৰিব নেলাগে ৷৷ লগতে যুৱ সাংবাদিক সন্থা ,অসমৰ নেতৃবৰ্গই এইটো সকীয়নি প্ৰদান কৰি কয় যে -“যুৱ সাংবাদিক সন্থা ,অসমৰ যিকোনো সৃষ্টিৰাজিক যদি কোনো দুষ্ট চক্ৰই অনুমতি অবিহনে হুবহু নকল কৰে তেন্তে প্ৰয়োজনত সংগঠনটোৱ আইনৰো কাষ চাপিবলৈ বাধ্য হ’ব ৷
প্ৰশ্ন উঠে এয়া যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰেছ বিবৃতিৰ সৈতে অগপৰ ভাৱৰ মিল নে অগপৰ পেইজৰ দায়িত্বত থকা লোকৰ কুম্ভীলক বৃত্তি৷ বিষয়টো স্পষ্ট কৰিবলৈ আহ্বান সংগঠনটোৰ সাধাৰণ সম্পাদক কাঞ্চন গোহাইৰ৷ ৃৃৃৃৃৃ

Related Articles

Leave a Reply

Close