Uncategorized

কাৰ্বি পাহাৰত প্ৰাক বৰদিনৰ উলাহ, CEMৰ শুভেচ্ছা

পশ্চিম কাৰ্বি আংলঙত আৰম্ভ হৈছে খ্ৰীষ্টমাছৰ ব্যাপক প্ৰস্তুতি । ডিচেম্বৰ মাহ অহাৰ লগে লগে মাহটোৰ পহিলা তাৰিখৰ পৰাই খ্ৰীষ্ট্ৰীয় ধৰ্মালম্বী লোকে খ্ৰীষ্টমাছৰ পূৰ্বে উদযাপন কৰিছে প্ৰি -খ্ৰীষ্টমাছ ।

খেৰণি, ৮ ডিচেম্বৰ:— পৱিত্ৰ বৰদিন সমাগত ৷ এতিয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ উদ্দিপনা। ইতিমধ্যে  খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে পহিলা ডিচেম্বৰৰ পৰাই আৰম্ভ কৰিছে পৱিত্ৰ বৰদিনক আদৰাৰ  বিভিন্ন কাৰ্যসূচী৷  মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্য ২৫ ডিচেম্বৰত জন্ম গ্ৰহণ কৰিছিল প্ৰভু  যীশু খ্ৰীষ্ট । প্ৰভূ যীশুৰ জন্মৰ এই দিনটোতে সমগ্ৰ বিশ্বতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে পৱিত্ৰ বৰদিন । কিন্তু ইয়াৰ পূৰ্বে এটা বিশেষ দিনত আশীৰ্বাদ প্ৰাপ্তিৰ দিন হিচাপে সমগ্র বিশ্বতে প্ৰি-খ্ৰীষ্টমাছ উদযাপন কৰা হয় । বিশ্বৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ  টেংৰালাংছু’ত হাইস্কুল খেলপথাৰত জে চি চি (Joint Christian Committee) উদ্যোগত আয়োজন কৰা বৰ্ণাঢ্য কাৰ্যসুচীত বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমূহীয়াকৈ একত্ৰিত হৈ প্ৰভু যীশুক স্মৰণ কৰে ৷ লগতে যীশুৰ শান্তি আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰাৰ বাবে যুৱক, যুৱতী, মহিলা সকলে প্ৰভু যীশুৰ ধৰ্মীয় গীত পৰিবেশন কৰাৰ লগতে ধৰ্মীয় গীতত নৃত্য প্ৰদৰ্শন কৰে । উক্ত অনুষ্ঠানত কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰি মত প্ৰকাশ কৰি কয় যে কাৰ্বি আংলঙত থকা সকলো জাতি-জনগোষ্ঠীয়ে সমিলমিলেৰে থকাৰ লগতে প্ৰভুৱে সকলোৰে যাতে আশা পূৰণ কৰে ইয়াৰ বাবে যীশুৰ উচৰত প্ৰাৰ্থনা কৰে আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক সমাগত পৱিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close