অসমশীৰ্ষ

কেবক লৈ সাহিত্য সভাৰ অস্পষ্ট স্থিতি, শুৱালকুছি অধিবেশন বৰ্জন কৰিব সাহিত্যিকে

ৰাজ্যৰ গৰিষ্ঠসংখ্যাক দল সংগঠনে কেব বিৰোধী স্থিতি লোৱা সময়ত অসম সাহিত্য সভাই এই পৰ্যন্ত স্পষ্ট স্থিতি লোৱা নাই৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে দিল্লীত বৈঠকৰ পিছত সভাপতি পৰমানন্দ ৰাজবংশীয়ে দুমুখীয়া স্থিতি লোৱাৰ ইংগিত পোৱা গৈছে৷ আনকি, কেবক লৈ অসমবাসীয়ে বহুখিনি সুবিধা পাব বুলি আশ্বাস দিয়াৰ কথাও সংবাদ মাধ্যমত উল্লেখ কৰিছে৷ সভাৰ এনে সন্দেহজনক স্থিতিৰ বাবে সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত উপস্থিত নাথাকে ৰাজ্যৰ বহু বিশিষ্ট সাহিত্যিক৷ কেবৰ বিৰোধিতাৰ ক্ষেত্ৰত সাহিত্য সভাই শীঘ্ৰেই স্পষ্ট স্থিতি নল’লে সভাৰ পৰা পদত্যাগ কৰাৰো যো জা চলাইছে একাংশই৷

Related Articles

Leave a Reply

Close