অসমশীৰ্ষ

কেব বিৰোধী ধ্বনিৰে পুনৰ উত্তাল হ’ল দুধনৈ, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, ১১ ডিচেম্বৰ

কেব বিৰোধী ধ্বনিৰে পুনৰ উত্তাল হ’ল দুধনৈ৷ শতাধিক প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি কেব আমাক নালাগে ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আধা ঘন্টাৰো অধিক সময় ধৰ্ণা প্ৰতিবাদেৰে আকাশ বতাহ কপাই তোলাৰ লগতে গুৱাৱাটী গোৱালপাৰা ১৭ নং ৰাস্ট্ৰীয় ঘাইপথ অবৰোধ কৰি যান বাহন চলাচল স্তব্ধ কৰি দিয়ে৷ দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃৃ্ত্ত্বত আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীত দুধনৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ৰাজপথৰ ওপৰত বহি কেব বিৰোধী শ্লোগানেৰে দুধনৈৰ আকাশ বতাহ কপাই তোলে৷ প্ৰতিবাদী সমদলটোৱে ৰাজপথেৰে আগুৱাই দুধনৈ বিজেপি কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি বিজেপি মুৰ্দাবাদ, বিজেপি হুচিয়াৰ,জাতিৰ নায়ক  সৰ্বানন্দ খলনায়ক ইত্যাদি ধ্বনি দিয়ে৷  

Related Articles

Leave a Reply

Close