অসমশীৰ্ষ

গণ অনশনৰ বাবে সাজু- কেবৰ বিৰোধিতাৰে আছুৰ সংবাদমেল

মহানগৰীৰ শ্বহীদ ন্যাসত আছুৰ সংবাদমেল।
সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা।
আছুৰ সভাপতি দীপাংকৰ নাথে কয়, এই বিল অহাৰ আগৰে পৰাই প্ৰতিবাদ কৰিছো আমি।
ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলক সাক্ষাৎ কৰিছো।
অসমৰ জনসাধাৰণে কেতিয়াও চৰকাৰক ক্ষমা নকৰে।
অসমীয়া জাতিক শেষ কৰাৰ বাবে এই বিল আনিছে।
পাকে-প্ৰকাৰন্তেৰে চৰকাৰে এই কাৰ্যত সহায় কৰিছে।
এজিপিও বিজেপিৰ সৈতে একাকাৰ হৈছে।
অসমৰ ৰাইজৰ ক্ষোভৰ উদগীৰণ ঘটিছে।
৭ আৰু ৮ ডিচেম্বৰত জোঁৰ লৈ শোভাযাত্ৰা ৰূপায়ণ কৰা হ’ব।
অসমৰ সকলো আঞ্চলিক সমিতিয়ে প্ৰতিবাদ কৰিব।
বিল আহিলে অসমতে বিল জ্বলাম আমি।
১০ তাৰিখে অসম বন্ধৰ প্ৰতি সমৰ্থন জনাইছো আছুৱে।
অসমৰ সকলো লোককে আহ্বান, সকলো ওলাই আহক।
সকলো ওলাই আহক, আমি কেবৰ বিৰোধ কৰো।
আমি শ্বহীদ বেদীত খোজকাঢ়ি আহি চাকি জ্বলাম।
বন্ধৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম।
শ্বহীদক চৰকাৰে অপমান কৰিছে।
ইতিমধ্যে জনসাধাৰণৰ স্বাৰ্থক উলংঘা কৰিছে চৰকাৰে।
১৩ তাৰিখে গণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিম আমি।
গুৱাহাটীৰ গণ অনশন কাৰ্যসূচীত সকলোকে উপস্থিত থকাৰ আহ্বান।
১৪ তাৰিখৰ পৰা গাঁৱে-ভূঞে হ’ব প্ৰতিবাদ।
লুৰিণজ্যোতি গগৈৰ মতে, আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছো।
আমি সদায় প্ৰতিবাদ কৰিম।
অসমৰ লগতে উত্তৰ-পূবৰ ৰাইজৰ অধিকাৰ খৰ্ব হবলৈ নিদিওঁ।
কেবে অসম চুক্তিক নস্যাৎ কৰিব।
অসমৰ খিলঞ্জীয়া লোকৰ অসুবিধা হবলৈ নিদিও।
উত্তৰ পূবক ভাগ ভাগ কৰাৰ বাবে চৰকাৰে চেষ্টা কৰিছে।
ইনাৰ লাইন পাৰ্মিট, ষষ্ঠ অনুসূচিৰ লগতে বিভিন্ন প্ৰকাৰে ৰাইজক ভাগ ভাগ কৰিব বিচাৰিছে।
আমি উত্তৰ পূবাঞ্চল ঐক্যবদ্ধ হৈ থাকিম।
চৰকাৰে বিচাৰিলে ভাগ ভাগ কৰিব নোৱাৰিব।
অসমীয়া মানুহৰ স্বাভীমানক নিঃশেষ কৰাৰ বাবে চেষ্টা কৰা মানে জুইৰ সৈতে খেলা কৰা।
চৰকাৰে প্ৰতিবাদৰ প্ৰতি ভয় খাইছে।
প্ৰতিবাদ ৰুধ কৰিব বিচাৰিছে।
দিল্লীয়ে ইয়েছ বুলি ক’লে ইয়েছ কয় ন’ কলে ন’ বুলি কয়।
দিল্লীৰ তলত কাম কৰি অসমৰ কথা পাহৰিছে দিছপুৰে।
তেওঁলোকে কাম-কাজ জাতীয় লজ্জালৈ পৰিণত হৈছে।
গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবলৈ চেষ্টা নকৰিবলৈ আমি সকীয়াই দিছো।
সময় নাই, সময় উকলিছে।
এতিয়াও এবাৰ চিন্তা কৰি গণসংগ্ৰামক লগ দিয়ক।
আমি প্ৰচাৰ পত্ৰ বিলাম, পথ সভা কৰিম, গাঁৱে-গাঁৱে যাম।
সমুজ্জল ভট্টাচাৰ্যৰ মতে, আমি জাতীয় জীৱন সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিম।
একমাত্ৰ অবৈধ বাংলাদেশীৰ ভোটৰ বাবে অসম চুক্তিক নস্যাৎ কৰি কেব জাপিব বিচাৰিছে।
তাৰ বিৰুদ্ধে প্ৰতিবাদ চলিবই।
আমি সেই কথা মানি নলওঁ।
চৰকাৰ দোষী, তেওঁলোকে দিল্লীত থাকিও সমস্যাৰ স্থায়ী সমাধান নকৰিলে।
অসম চুক্তিক সকলো দলে আদৰণি জনাইছিল।
কংগ্ৰেছে বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিবলৈ আইএমডিটি জাপি দিছিল।
বিজেপিৰ হিন্দু-বাংলাদেশী ভোটৰ বাবে কেব জাপি দিছিল।
যাৰ বাবে উত্তৰ-পূবৰ ৰাইজে অধিকাৰ হেৰুৱাব।
কেব আমি নামানো।
অসম চুক্তিৰ বাবে ৮৬০ টা জীৱন হেৰাই গ’ল।
আমি হিন্দু-বাংলাদেশীৰ ভোটৰ বাবে বিজেপিয়ে কৰা কাম আমি নামানো।
বিলখন সাম্প্ৰদায়িক কাৰণ ভাৰতত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কোনো কথা সংবিধানত নাই।
আহত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আমি অ’পেন ডিবেট কৰিম।
আহক ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছো, আমি বিতৰ্কৰ বাবে প্ৰস্তত আছো।

Related Articles

Leave a Reply

Close